আজি হোমেঅ’পেথিক চিকিৎসা ব্যৱস্থাৰ উদ্ভাৱক হেনিমেনৰ ওপজা দিন । তেওঁৰ সম্পূৰ্ণ নামটো আছিল ক্ৰিষ্টিয়ান ফ্ৰিডৰিখ ছেমুৱেল হেনিমেন । ১৭৫৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ ড্ৰেছডেন চহৰত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী বিখ্যাত এলোপেথিক চিকিৎসক আছিল । কিন্তু এবাৰ নিজৰ ৰুগীয়া পুত্ৰক এলোপেথিক চিকিৎসাৰে আৰোগ্য কৰিব নোৱাৰি বিকল্প পথৰ চিন্তা কৰিবলৈ ধৰিলে আৰু তাৰ ফলতেই হোমেঅ’পেথিক চিকিৎসা ব্যৱস্থাৰ উদ্ভাৱন হ’ল । ১৮০৫ চনত তেওঁ হোমেঅ’পেথিক চিকিৎসাৰ প্ৰচলন কৰে । ১৮১০ চনত তেওঁ এই চিকিৎসা পদ্ধতিৰ নিয়মাৱলী সন্নিবিষ্ট অৰ্গানন অব ৰেছনেল হিলিং আৰ্ট প্ৰকাশ কৰে । পৰৱৰ্তী সময়ত ই অৰ্গানন অব মেডিচিন নামেৰে প্ৰকাশিত হয় । ১৮১২ চনৰ পৰা ১৮২১ চনলৈ তেওঁ লিপজিগ বিশ্ববিদ্যালয়ত এই চিকিৎসা পদ্ধতিৰ বিষয়ে শিক্ষা দান কৰে । ইংৰাজী, ফৰাচী, গ্ৰীক, লেটিন, আৰবী, হিব্ৰু আদি বিভিন্ন ভাষাত ব্যুৎপত্তি থকা হেনিমেনে অনুবাদক হিচাপেও খ্যাতি অৰ্জন কৰে । এইগৰাকী মহান আৱিষ্কাৰকলৈ আমাৰ প্ৰণাম ।