আজি ভাৰতীয় সংবিধানৰ অন্যতম প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ ওপজা দিন । ১৮৯১ চনৰ আজিৰ দিনটোতে মধ্যপ্ৰদেশত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী ভাৰতীয় আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল । ভাৰতীয় সংবিধান সভাৰ তেওঁ অন্যতম সদস্য আছিল আৰু ১৯৪৭ চনত তেওঁ সংবিধানৰ খচৰা প্ৰস্তুতি সমিতিৰ সভাপতি হৈছিল আৰু ভাৰতীয় সংবিধান ৰচনা কৰিছিল । ১৯৪৭ চনৰ পৰা ১৯৫১ চনলৈ তেওঁ স্বাধীন ভাৰতৰ প্ৰথমখন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ প্ৰথমগৰাকী আইন মন্ত্ৰী নিযুক্ত হৈছিল । তেওঁ ইংৰাজী ভাষাত কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছিল । ১৯৯০ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰা হয় । এইগৰাকী বিশিষ্ট নেতালৈ আমাৰ প্ৰণাম ।
আজি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ইতিহাসবিদ আৰ্নল্ড জোছেফ টয়নবীৰ ওপজা দিন ।১৮৮৯ চনৰ আজিৰ দিনটোতে তেওঁ লণ্ডনত জন্ম লাভ কৰিছিল । টয়নবীৰ এখন বহুপঠিত গ্ৰন্থ হ’ল এ ষ্টাডি অব হিষ্ট্ৰী । এইগৰাকী বিখ্যাত ইতিহাসবিদেই সমগ্ৰ পৃথিৱীৰ ভিতৰতে সামৰিক নীতি আৰু পাৰদৰ্শিতাৰ লগতে কৌশলৰ ফালৰ পৰা আমাৰ চিলাৰায়, ছত্ৰপতি শিৱাজী আৰু নেপোলিয়ন বোনাপাৰ্টক সমপৰ্যায়ৰ অসাধাৰণ সমৰবিদ আখ্যা দিছিল । এইগৰাকী ইতিহাসবিদলৈ আমাৰ প্ৰণাম ।