আজি বিশিষ্ট ইতিহাসবিদ ডঃ হেৰম্বকান্ত বৰপূজাৰীৰ স্মৃতি দিৱস । লণ্ডন বিশ্ববিদ্যালয়ত ‘ব্ৰিটিছ এডমিনিষ্ট্ৰেচন ইন আছাম (১৮২৬-১৯৪৫)’ বিষয়ত গৱেষণা কৰি তেওঁ পিএইছডি ডিগ্ৰী লাভ কৰিছিল । জে বি কলেজ, ঢাকাৰ এম চি কলেজ আৰু কটন কলেজত অধ্যাপনা কৰাৰ পিছত তেওঁ অসমৰ শিক্ষা বিভাগৰ অতিৰিক্ত শিক্ষা সঞ্চালক ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে । তেওঁ পলিটিকেল হিষ্ট্ৰী অব আছাম, কম্প্ৰিহেনচিভ হিষ্ট্ৰী অব আছাম, আমেৰিকান মিছনেৰীসকল আৰু ঊনবিংশ শতিকাৰ অসম, অসমৰ নৱজাগৰণ : অনা-অসমীয়াৰ ভূমিকা, ইতিহাস : ৰচনা বিধি আৰু ক্ৰমবিকাশ, ভূগোল প্ৰবেশিকা আৰু নতুন ভূগোল আদি অনেক গ্ৰন্থ ৰচনা কৰিছিল । তেওঁ ইণ্ডিয়ান হিষ্ট্ৰী কংগ্ৰেছৰ অধ্যক্ষ হৈছিল । ১৯৯৭ চনত অসম সাহিত্য সভাই তেওঁক ইতিহাস আচাৰ্য সন্মান প্ৰদান কৰে । ২০০২ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী ইতিহাসবিদলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট অভিনেতা চাৰ্লি চেপলিনৰ ওপজা দিন । ১৮৮৯ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নাম আছিল ছাৰ চাৰ্লছ স্পেনচাৰ চেপলিন জুনিয়ৰ । তেওঁ আছিল এগৰাকী ব্ৰিটিছ চলচ্চিত্ৰ অভিনেতা, চিত্ৰনাট্যকাৰ, প্ৰযোজক, পৰিচালক তথা সুৰকাৰ । এগৰাকী কৌতুক অভিনেতা হিচাপে তেওঁ অধিক প্ৰসিদ্ধি লাভ কৰিছিল । নিৰ্বাক চলচ্চিত্ৰ যুগৰ অন্যতম মৌলিক তথা প্ৰভাৱশালী ব্যক্তিত্ব চেপলিনে নিজৰ চলচ্চিত্ৰত নিজেই অভিনয় কৰিছিল, চিত্ৰনাট্য তথা সংলাপ ৰচনা, পৰিচালনা, প্ৰযোজনা আনকি সংগীত পৰিচালনাও কৰিছিল । হলীউড চলচ্চিত্ৰ উদ্যোগৰ আৰম্ভণিৰ পৰাই মধ্যকাললৈকে তেওঁৰ অভিনয় আৰু পৰিচালনাই শীৰ্ষস্থান লাভ কৰিছিল । দ্য কিড, দ্য চাৰ্কাছ, চিটী লাইটছ, মডাৰ্ণ টাইমছ, দ্য গ্ৰেট ডিক্টেটৰ আদি তেওঁৰ অমৰ কীৰ্তি । ১৯৭২ চনত তেওঁ সন্মানীয় একাডেমী পুৰস্কাৰ লাভ কৰে । ১৯৭৫ চনত তেওঁক নাইটহুড উপাধিও প্ৰদান কৰা হয় । এইগৰাকী বিশিষ্ট অভিনেতালৈ আমাৰ প্ৰণাম ।