আজি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী বিশিষ্ট ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ তথা ৰাজনীতিক । ডঃ ৰাধাকৃষ্ণণ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি (১৯৫২-১৯৬২) । পাছলৈ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি পদতো অধিষ্ঠিত হৈছিল (১৯৬২-১৯৬৭) । তেওঁ আছিল কুৰিশতিকাৰ অগ্ৰণী চিন্তাবিদ তথা লেখকসকলৰ ভিতৰত অন্যতম । তেওঁ মহিশূৰ বিশ্ববিদ্যালয় আৰু কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছিল । তেওঁ আছিল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য । তেওঁ বিশ্ববিদ্যালয় শিক্ষা আয়োগৰ অধ্যক্ষ, ইউনেস্ক’ৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষ, ইউনেস্ক’ৰ সভাপতি আদি পদো শুৱনি কৰিছিল । বিশ্বৰ মহানতম দাৰ্শনিক হিচাপে পৰিচিত ৰাধাকৃষ্ণণে The Ethics of the Vedanta and it’s Material Presuppositions, Indian Philosophy, An idealist view of life, Education, Politics and War, The heart of Hinduism আদি অনেক গ্ৰন্থ লিখিছিল । ১৯৭৫ চনৰ আজিৰ দিনটোতে চেন্নাইত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী মহান ব্যক্তিলৈ আমাৰ প্ৰণাম