আজি বিশিষ্ট জীৱবিজ্ঞানী চাৰ্লছ ডাৰৱিনৰ স্মৃতি দিৱস । তেঁৱেই প্ৰথমে প্ৰত্যক্ষ পৰ্যবেক্ষণৰ মাধ্যমেৰে জৈৱ বিৱৰ্তনবাদৰ ধাৰণা দিয়ে । তেওঁ আলফ্ৰেড ৰাছেল ৱালেছৰ সৈতে একেলগে ভূতত্ব বিষয়ক এখন গ্ৰন্থ প্ৰকাশ কৰে । তাৰপিছত ‘মানুহৰ ক্ৰমোন্নয়ন’ আৰু ‘মানুহ তথা অন্যান্য প্ৰাণীত অনুভূতিৰ প্ৰকাশ’ নামৰ দুখন গ্ৰন্থ প্ৰকাশ কৰে । বৃক্ষক লৈও তেওঁৰ গৱেষণাৰ ফচল কেইবাখনো গ্ৰন্থত প্ৰকাশ পায় । ১৮৮২ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ডাউনিত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী বিজ্ঞানীলৈ আমাৰ প্ৰণাম ।
আজি বিখ্যাত চিকাৰী জিম কৰবেটৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী ইংৰাজ চিকাৰী । তেওঁৰ জন্ম হৈছিল ভাৰতৰ কুমায়ুন অঞ্চলৰ নাইনিতাল চহৰত । তেওঁ এগৰাকী পৰিৱেশবাদীও আছিল । তেওঁৰ নাম অনুসৰিয়ে ভাৰতৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ নামকৰণ কৰা হয় । ১৯০৭-৩৮ চনৰ ভিতৰত তেওঁ কুমায়ুন তথা গাড়োৱাল অঞ্চলত ৩৩ টা নৰখাদক বাঘ চিকাৰ কৰিছিল । তেওঁ প্ৰায়ে ৰবীন নামৰ এটা সৰু কুকুৰক লগত লৈ চিকাৰ কৰিছিল । তেওঁ নিজৰ চিকাৰ কাহিনীক লৈ কেইবাখনো কিতাপ লিখিছিল । এসময়ত তেওঁৰ চিকাৰ কাহিনী সম্বলিত ‘বনে বনে’ নামৰ এখন গ্ৰন্থ অসমৰ স্কুলীয়া পাঠ্যক্ৰমত দ্ৰুতপাঠ হিচাপে চলিছিল । ১৯৫৫ চনৰ আজিৰ দিনটোতে কেনিয়াত তেওঁৰ মৃত্যু হয় । এইগৰাকী চিকাৰী তথা পৰিৱেশবাদীলৈ আমাৰ প্ৰণাম ।