আজি প্ৰসিদ্ধ সাহিত্যিক, শিক্ষাবিদ তথা ৰাজনীতিক হেম বৰুৱাৰ ওপজা দিন । ১৯১৫ চনৰ আজিৰ দিনটোতে তেজপুৰত তেওঁৰ জন্ম হৈছিল । তেওঁ ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে গ্ৰন্থ ৰচনা কৰিছিল । তেওঁ মুঠ ৩৫ খন গ্ৰন্থ ৰচনা কৰিছিল । কবিতা, ভ্ৰমণ কাহিনী, আলোচনা আদি আছিল তেওঁৰ গ্ৰন্থৰ বিষয়বস্তু । মমতাৰ চিঠি, জাৰৰ দিনৰ সপোন আৰু আইতা তেওঁৰ বিখ্যাত কবিতা । ৰঙা কৰৱীৰ ফুল, মেকং নৈ দেখিলোঁ আদি তেওঁৰ ভ্ৰমণ কাহিনী । তেওঁ বিয়াল্লিছৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি কাৰাবাসো খাটিছিল । স্বৰাজোত্তৰ কালত তেওঁ সমাজবাদী আন্দোলনতো অংশগ্ৰহণ কৰিছিল । ১৯৫৭ চনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল । সাংসদ হিচাপে তেওঁৰ চৈধ্য বছৰীয়া কাৰ্যকালত গ্ৰহণ কৰা বলিষ্ঠ স্থিতিৰ বাবে তেওঁ আজিও প্ৰশংসিত । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।
আজি কমিউনিষ্ট ৰাজনীতিৰ বিশ্বনেতা লেনিনৰ ওপজা দিন । তেওঁৰ প্ৰকৃত নাম ভ্লাডিমিৰ ইলিচ উলিয়ানভ । ১৮৭০ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ উলিয়ানভত তেওঁৰ জন্ম হৈছিল । তেওঁ এগৰাকী মাৰ্ক্সবাদী ৰুছ বিপ্লৱী তথা কমিউনিষ্ট ৰাজনীতিক আছিল । বিখ্যাত অক্টোবৰ বিপ্লৱৰ সময়ত তেওঁ বলছেভিক দলৰ নেতা আছিল । তেওঁ ছোভিয়েট ৰাছিয়াৰ প্ৰতিষ্ঠাপক প্ৰধানমন্ত্ৰী (১৯১৭-১৯২৪) আছিল আৰু ছোভিয়েট ইউনিয়নৰ সৰ্বাধিনায়ক (১৯২২-১৯২৪) আছিল । তেওঁ ৰাছিয়াৰ পুঁজিবাদৰ বিকাশ, জাতিসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল । এইগৰাকী ৰাজনীতিকলৈ আমাৰ প্ৰণাম ।
আজি অষ্টাদশ শতিকাৰ প্ৰখ্যাত দাৰ্শনিক ইমানুৱেল কাণ্টৰ ওপজা দিন । ১৭২৪ চনৰ আজিৰ দিনটোতে বৰ্তমানৰ ৰাছিয়াৰ কালিনিনগ্ৰাডৰ (প্ৰুচিয়া) কোনিগছবাৰ্গত তেওঁৰ জন্ম হৈছিল । তেওঁক আধুনিক ইউৰোপৰ প্ৰভাৱশালী চিন্তাবিদ হিচাপে গণ্য কৰা হয় । তদুপৰি ইউৰোপৰ আলোকিত যুগৰ (Age of Enlightenment) গুৰুত্বপূৰ্ণ দাৰ্শনিক বুলিও কোৱা হয় । Critique of pure Reason (1781) নামৰ গ্ৰন্থখনৰ বাবে তেওঁ বিখ্যাত । এইগৰাকী দাৰ্শনিকলৈ আমাৰ প্ৰণাম