আজি বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী ৰাজা ৰবি বৰ্মাৰ ওপজা দিন । ১৮৪৮ চনৰ আজিৰ দিনটোতে সেইসময়ৰ ভাৰতৰ ট্ৰেভানক’ৰৰ কিলিমানুৰত তেওঁৰ জন্ম হৈছিল । ভাৰতীয় কলাৰ ইতিহাসত তেওঁৰ এক বিশিষ্ট স্থান আছে । তেওঁ ৰামায়ণ আৰু মহাভাৰতকে ধৰি পৌৰাণিক কাহিনী আৰু ভাৰতীয় সংস্কৃতিৰ বিভিন্ন বিষয়ক লৈ ছবি আঁকিছিল । তেওঁৰ চিত্ৰকৰ্মত ভাৰতীয় পৰম্পৰা আৰু ইউৰোপীয় ৰীতিৰ সংমিশ্ৰণ দেখিবলৈ পোৱা যায় । এইগৰাকী বিশিষ্ট চিত্ৰশিল্পীলৈ আমাৰ প্ৰণাম ।
আজি ভাৰতৰ খ্যাতনামা তবলাবাদক ওস্তাদ আল্লা ৰাখা খানৰ ওপজা দিন । ১৯১৯ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ গুৰদাসপুৰ জিলাৰ ৰতনগড়ত তেওঁৰ জন্ম হয় । হিন্দুস্তানী শাস্ত্ৰীয় সঙ্গীতৰ ক্ষেত্ৰত তেওঁৰ বিশেষ ব্যুৎপত্তি আছিল । তেওঁ প্ৰায়ে বিশিষ্ট চেতাৰ বাদক পণ্ডিত ৰবি শংকৰৰ সৈতে তবলা সংগত কৰিছিল । তেওঁ আছিল বিখ্যাত তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ পিতৃ । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট ইতিহাসবিদ ৰামচন্দ্ৰ গুহৰ ওপজা দিন । ১৯৫৮ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ (বৰ্তমানৰ উত্তৰাখণ্ড) দেৰাডুনত তেওঁৰ জন্ম হয় । তেওঁ একাধাৰে এগৰাকী ভাৰতীয় ইতিহাসবিদ, পৰিৱেশবিদ, লেখক আৰু বুদ্ধিজীৱী । আধুনিক ভাৰতীয় ইতিহাসৰ তেওঁ এগৰাকী বিশিষ্ট গৱেষক । গান্ধী : দ্য ইয়াৰ্ছ দেট চেঞ্জ দ্য ৱৰ্ল্ড, এ গ্লোবেল হিষ্ট্ৰী, মেইক মডাৰ্ণ ইণ্ডিয়া আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ । তেওঁ ইতিমধ্যে পদ্মভূষণকে ধৰি কেইবাটাও সন্মানীয় পুৰস্কাৰ লাভ কৰে । এইগৰাকী ইতিহাসবিদলৈ জনালোঁ ওপজা দিনৰ ওলগ ।