আজি অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ স্মৃতি দিৱস । ঊনবিংশ শতিকাৰ অসমীয়া ভাষাৰ সংকটৰ সময়ত লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰ কুমাৰ আগৰৱালাৰ সৈতে লগ লাগি তেওঁ অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে দেহে-কেহে খাটিছিল । তেওঁলোকৰ প্ৰচেষ্টাতে গঠন হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ । প্ৰকাশ হৈছিল যুগ সৃষ্টিকাৰী মাহেকীয়া আলোচনী ‘জোনাকী’ । হেমচন্দ্ৰ গোস্বামী আছিল অসমীয়া ৰোমাণ্টিক কবিতাৰ অন্যতম প্ৰৱৰ্তক আৰু প্ৰথম অসমীয়া ছনেটৰ স্ৰষ্টা । তেওঁৰ ‘প্ৰিয়তমাৰ চিঠি’ প্ৰথমটো অসমীয়া ছনেট । ১৯২০ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯২৮ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল । এইগৰাকী বিশিষ্ট সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিশ্ববিখ্যাত চিত্ৰশিল্পী লিঅ’নাৰ্ড’ দা ভিন্সিৰ স্মৃতি দিৱস । তেওঁৰ প্ৰকৃত নাম আছিল লিঅ’নাৰ্ড’ দা চেৰ পিয়েৰ’ ভিন্সি । তেওঁ আছিল ইটালীয়ান নৱজাগৰণৰ যুগৰ এগৰাকী বহুমুখী প্ৰতিভাধৰ ব্যক্তি । তেওঁ আছিল একাধাৰে চিত্ৰশিল্পী, ভাস্কৰ, স্থপতি, সংগীতজ্ঞ, অভিযন্তা, উদ্ভাৱক, শৰীৰবিজ্ঞানী, ভূবিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক । তেওঁৰ সৃষ্টিকৰ্মত নৱজাগৰণৰ মানৱতাবাদী আদৰ্শ পৰিস্ফুট হৈছিল । ঘাইকৈ চিত্ৰশিল্পী হিচাপে প্ৰসিদ্ধ দা ভিন্সিৰ মনালিছা, দ্য লাষ্ট ছাপাৰ, দ্য ভিট্ৰুভিয়ান মেন আদি অতি বিখ্যাত কৃতি । ১৫১৯ চনৰ আজিৰ দিনটোতে এইগৰাকী শিল্পীয়ে ফ্ৰান্সৰ এম্ব্ৰইচত ইহলীলা সম্বৰণ কৰিছিল । এইগৰাকী বিশিষ্ট শিল্পীলৈ আমাৰ প্ৰণাম ।