আজি শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ ওপজা দিন । ১৯৪২ চনৰ আজিৰ দিনটোতে তেওঁ শিৱসাগৰত জন্ম লাভ কৰিছিল । ১৯৬০ চনত তেওঁ কটন কলেজত পঢ়ি থকা সময়তে অসমত অসমীয়া ভাষাক ৰাজ্যভাষাৰ স্বীকৃতি প্ৰদানৰ দাবীত তীব্ৰ আন্দোলন গঢ়ি উঠিছিল । ১৯৬০ চনৰ ৪ জুলাইৰ দিনা হোৱা এটা আন্দোলনৰ কাৰ্যসূচীত আন্দোলনকাৰী ছাত্ৰসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে গুলীচালনা কৰিছিল । এই ঘটনাত কটন কলেজৰ ছাত্ৰাৱাসৰ ভিতৰতে ৰঞ্জিত বৰপূজাৰীৰ মৃত্যু ঘটিছিল । তেওঁ কটন কলেজৰ বৰ্তমানৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাৱাসটোতে আৱাসী হিচাপে আছিল । ৰঞ্জিত বৰপূজাৰী আছিল অসমৰ এই ভাষা আন্দোলনটোৰ প্ৰথমগৰাকী শ্বহীদ । শ্বহীদগৰাকীলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।