আজি বিশ্ববিশ্ৰুত কমিউনিষ্ট বিপ্লৱী নেতা হো চি মিনৰ ওপজা দিন । ১৮৯০ চনৰ আজিৰ দিনটোতে ফৰাচী ইণ্ডো-চীনৰ নোঘ আন প্ৰদেশত তেওঁৰ জন্ম হৈছিল । অৱশ্যে তেওঁৰ সঠিক ওপজা দিনটোক লৈ বিতৰ্কও নথকা নহয় । মাৰ্ক্সবাদ-লেনিনবাদত বিশ্বাসী হো চি মিন আছিল ভিয়েটনামৰ স্বাধীনতা সংগ্ৰামৰ পুৰোধা । তেওঁ ভিয়েটনাম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ প্ৰধানমন্ত্ৰী (১৯৪৬-১৯৫৫) আৰু ৰাষ্ট্ৰপতিও (১৯৪৫-১৯৬৯) হৈছিল । তেওঁ চীনা, ভিয়েটনামী আৰু ফৰাচী ভাষাত বিভিন্ন গ্ৰন্থও লিখিছিল । এইগৰাকী নেতালৈ আমাৰ প্ৰণাম ।
আজি ভাৰতৰ এগৰাকী আগশাৰীৰ নাট্যকাৰ, চলচ্চিত্ৰ তথা ধাৰাবাহিকৰ চিত্ৰনাট্যকাৰ আৰু ৰাজনৈতিক সংবাদকৰ্মী বিজয় তেণ্ডুলকাৰৰ স্মৃতি দিৱস । ঘাচিৰাম কোটৱাল, সখাৰাম বাইণ্ডাৰ আদি তেওঁৰ জনপ্ৰিয় নাট্যকৰ্ম । তেওঁ ১৯৮৪ চনত পদ্মবিভূষণ, ১৯৯৮ চনত সংগীত নাটক একাডেমী ফেল’শ্বিপ আৰু ১৯৭৭ চনত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে । ২০০৮ চনৰ আজিৰ দিনটোতে পুণেত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।