আজি অসমীয়া সাহিত্যৰ ৰমণ্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ স্মৃতি দিৱস । একৈশ বছৰ ধৰি ৰোগশয্যাৰ পৰাই কাব্যচৰ্চা কৰা কবিগৰাকীয়ে ১৯৬০ চনৰ আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰে । বাঁহী, ঘৰ জেউতি আদি আলোচনীত তেওঁৰ কবিতা প্ৰকাশ পাইছিল । ফুলৰ শৰাই, প্ৰাণৰ পৰশ, অশ্ৰুধাৰা আৰু জীৱন তৰী তেওঁৰ কাব্যগ্ৰন্থ । ১৯৫৬ চনত অসম সাহিত্য সভাই তেওঁক ‘কাব্য ভাৰতী’ উপাধিৰে বিভূষিত কৰে । এইগৰাকী কবিলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম ।
আজি ভাৰতৰ বিশিষ্ট তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ ওপজা দিন । ১৯৫১ চনৰ আজিৰ দিনটোতে মুম্বাইত তেওঁৰ জন্ম হৈছিল । তেওঁ বৰেণ্য তবলা বাদক ওস্তাদ আল্লা ৰাখাৰ জ্যেষ্ঠ পুত্ৰ । তবলা বাদনৰ উপৰি তেওঁ এগৰাকী পাৰ্কাচনিষ্ট, সংগীত সংৰচক আৰু চলচ্চিত্ৰ অভিনেতা হিচাপেও পৰিচিত । তেওঁ সংগীত নাটক একাডেমী বঁটাৰ উপৰি পদ্মশ্ৰী আৰু পদ্মভূষণ সন্মানো লাভ কৰে । তদুপৰি তেওঁ সন্মানীয় গ্ৰেমী এৱাৰ্ডো লাভ কৰে । এইগৰাকী খ্যাতনামা শিল্পীক যাচিলোঁ ওপজা দিনৰ ওলগ ।