আজি বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা গায়ক হেমেন হাজৰিকাৰ স্মৃতি দিৱস । হেমেন হাজৰিকা অসমীয়া সংগীত জগতৰ এটি তেনেই চিনাকি নাম । তেওঁ ৰচনা কৰা আৰু সুৰাৰোপণ কৰা গীত সমূহত অসমৰ কেঁচা মাটিৰ গোন্ধ বিৰাজমান । তেওঁৰ এই লোহিত কাৱেৰী সিন্ধু গংগা, এজাৰ ফুলা দেখি, বহাগৰ বৰষুণ, জুকিয়াই থলো লাম-লাকটু আদি গীত অতি জনপ্ৰিয় । অসমীয়া চলচ্চিত্ৰ ‘ৰাংঢালী’ৰ (১৯৭৯) তেওঁ সংগীত পৰিচালক আছিল । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।