আজি বিখ্যাত ঔপন্যাসিক তথা সাংবাদিক ইয়ান ফ্লেমিঙৰ ওপজা দিন । ১৯০৮ চনৰ আজিৰ দিনটোতে লণ্ডনৰ মেফেয়াৰত তেওঁৰ জন্ম হৈছিল । তেওঁৰ সম্পূৰ্ণ নামটো আছিল ইয়ান লাংকেষ্টাৰ ফ্লেমিং । ব্ৰিটিছ কাল্পনিক গুপ্তচৰ জেমছ বণ্ডৰ চৰিত্ৰটোৰ স্ৰষ্টা আছিল তেওঁ । এই চৰিত্ৰটোক লৈ তেওঁ মুঠ ১২খন উপন্যাস লিখিছিল । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ব্ৰিটিছ নৌসেনাৰ গুপ্তচৰ আছিল আৰু সেই অভিজ্ঞতাৰ ভিত্তিতে তেওঁ এইলানি উপন্যাস ৰচনা কৰে । তেওঁৰ প্ৰথমখন উপন্যাস আছিল কেছিনো ৰয়েল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিখ্যাত কবি তথা সমালোচক কে সচ্চিদানন্দনৰ ওপজা দিন । ১৯৩৬ চনৰ আজিৰ দিনটোতে কোচিনৰ পুল্লুটত তেওঁৰ জন্ম হৈছিল । তেওঁ সাহিত্য অকাডেমিৰ সম্পাদক আছিল । ইণ্ডিয়ান লিটাৰেচাৰ নামৰ পত্ৰিকাখনো সম্পাদনা কৰিছিল । তেওঁ মালয়ালম আৰু ইংৰাজী ভাষাত সাহিত্য ৰচনা কৰিছিল । সাগৰ তীৰৰ কবিতা, মাত্ৰ এটা স্পৰ্শতেই বৰষুণ দিয়া মেঘ, হেৰাই যোৱা বস্তুবোৰ আৰু অন্যান্য কবিতা আদি নামেৰে তেওঁৰ কেইবাখনো কাব্যগ্ৰন্থ অসমীয়ালৈ অনূদিত হৈছে । এইগৰাকী সাহিত্যিকলৈ ওপজা দিনৰ ওলগ জনালোঁ ।
আজি ভাৰতৰ প্ৰথমগৰাকী লোকপাল পিনাকী চন্দ্ৰ ঘোষৰ ওপজা দিন । ১৯৫২ চনৰ আজিৰ দিনটোতে কলকাতাত তেওঁৰ জন্ম হৈছিল । তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ । তেওঁ ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ এগৰাকী সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৯ চনৰ ১৯ মাৰ্চত তেওঁক ভাৰতৰ প্ৰথমগৰাকী লোকপাল হিচাপে নিযুক্তি দিয়া হয় । এইগৰাকী বিশিষ্ট ব্যক্তিক জনালোঁ ওপজা দিনৰ ওলগ ।