আজি বিশিষ্ট অসমীয়া উদ্যোগী তথা ব্যৱসায়ী ভোলানাথ বৰুৱাৰ স্মৃতি দিৱস । তেওঁক সদাগৰ বা সাউদ বুলি কোৱা হয় । তেওঁ এগৰাকী দানবীৰো আছিল । ঊনৈশ শতিকাৰ শেষ ভাগৰ পৰা কুৰি শতিকাৰ প্ৰথম ভাগলৈকে ভাৰতৰ বিভিন্ন প্ৰান্তলৈ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু অসম তথা ভাৰতৰ বিভিন্ন ঠাইৰ শিক্ষানুষ্ঠান তথা ভাষা-সাহিত্যৰ উন্নতিৰ হকে তেওঁ ব্যৱসায়ৰ শকত লাভাংশ দান কৰিছিল । চিৰকুমাৰ ভোলানাথ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়, কাশী বিশ্ববিদ্যালয় আদিলৈ শকত ধনৰ বৰঙণি আগবঢ়োৱাৰ উপৰি যোৰহাটৰ প্ৰিন্স অব ৱেলছ ইনষ্টিটিউট অব ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজীলৈ তেওঁ ১৯২২ চনতেই এক লাখ টকাৰ অৰ্থ-সাহায্য আগবঢ়াইছিল । তেওঁৰ সা-সম্পত্তিসমূহো অসমৰ প্ৰাথমিক শিক্ষাৰ উন্নতিৰ হকে ব্যৱহাৰ কৰিবলৈ অসম চৰকাৰলৈ উইল কৰি থৈ গৈছিল । অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গুৱাহাটীৰ বি বৰুৱা কলেজ এইগৰাকী দানবীৰৰ নামেৰেই প্ৰতিষ্ঠা কৰা হৈছিল । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।