আজি কবি, গীতিকাৰ তথা লোক-সংস্কৃতিৰ গৱেষক ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতি দিৱস । ‘নীলা বাইদেউ’ ৰূপে খ্যাত নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁৰ ‘সুদীৰ্ঘ দিন আৰু ঋতু’ নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । অসমৰ লোক-সংস্কৃতি, কবিতাৰ কথা, অসমৰ লোক-কবিতা, বন ফৰিঙৰ ৰং, সমীপেষু আদি গ্ৰন্থৰ উপৰি তাত্বিক গ্ৰন্থ শিৱ, দেৱী আৰু সূৰ্য ‘গ্ৰন্থৰত্নত্ৰয়ী’ তেওঁৰ বিশেষ কৃতি । শিশু-সাহিত্যিক হিচাপেও জনপ্ৰিয় নীলা বাইদেৱে শিশু-সাহিত্যৰ বাবে ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিছিল । অসম সংস্কৃত সমাজে তেওঁক ‘সৰস্বতী’ উপাধি প্ৰদান কৰে । তেওঁ ৰচনা কৰা ‘সোণৰ খাৰু নেলাগে মোক, কি নাম দি মাতিম, আগলি বতাহে কঁপালে কলৰে পাত আদি চিৰসেউজ গীতসমূহ অতি জনপ্ৰিয় । ১৯৯১ চনত দুধনৈত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ২০০৪ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিদূষীলৈ আমাৰ প্ৰণাম ।
আজি চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ ওপজা দিন । ১৯৩৬ চনৰ আজিৰ দিনটোতে টীয়কৰ ওচৰৰ তামুলীছিঙাত তেওঁৰ জন্ম হয় । তেওঁ অংকন কৰা চিত্ৰই দেশে-বিদেশে প্ৰশংসা লাভ কৰিছে । ১৯৭১ চনত তেওঁ অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে । অসমৰ প্ৰথমখন চিত্ৰ-শিল্পৰ বিদ্যালয় বসুন্ধৰা কলা নিকেতনৰো প্ৰতিষ্ঠাতা তেওঁ । তেওঁ প্ৰয়াত জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ পতি । চিত্ৰ-শিল্পীগৰাকীক অসম চৰকাৰে ‘অসম সৌৰভ’ সন্মান প্ৰদান কৰে । এইগৰাকী শিল্পীক জনালোঁ ওপজা দিনৰ ওলগ ।