আজি কবি, গৱেষক, সাহিত্য সমালোচক ভৱানন্দ দত্তৰ ওপজা দিন । ১৯১৯ চনৰ আজিৰ দিনটোতে যোৰহাটত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল আধুনিক অসমীয়া কবিতাৰ অন্যতম বাটকটীয়া । ৰঘুনাথ চৌধাৰী সম্পাদিত ‘জয়ন্তী’ আলোচনীত নচিকেতা ছদ্মনামেৰে কবিতা লিখি তেওঁ আধুনিক অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰিছিল । নলবাৰী কলেজত দৰ্শন বিষয়ৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলি পিছলৈ কটন কলেজৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়তো তেওঁ অধ্যাপনা কৰিছিল । ফিলছফী ইন ইণ্ডিয়া তেওঁৰ জীৱনকালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থ । পৰৱৰ্তী কালত অসমীয়া কবিতাৰ কাহিনী, অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন, দৃষ্টি আৰু দৰ্শন আদি গ্ৰন্থ প্ৰকাশ পায় । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক তথা অভিনেতা ৰাজ কাপুৰৰ স্মৃতি দিৱস । ভাৰতৰ চাৰ্লি চেপলিন আখ্যা পোৱা ৰাজ কাপুৰৰ পিতৃ আছিল ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম কাণ্ডাৰী পৃথ্বীৰাজ কাপুৰ । ভাৰত চৰকাৰে পদ্মভূষণ সন্মান প্ৰদান কৰা ৰাজ কাপুৰে ইনকিলাব, নীলকমল, অমৰ প্ৰেম, সৰগম আদি চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰি আৱাৰা, শ্ৰী৪২০, জাগতে ৰহো, সংগম, মেৰা নাম জোকাৰ, ববী, সত্যম শিৱম সুন্দৰম, ৰাম তেৰী গংগা মৈলী আদি চলচ্চিত্ৰ পৰিচালনা কৰিছিল । ১৯৮৮ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।