আজি স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ ওপজা দিন । ১৮৯০ চনৰ আজিৰ দিনটোতে ৰহাত তেওঁৰ জন্ম হৈছিল । তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ কৰ্মী আছিল । ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হোৱাৰ পিছত মুছলিম লীগৰ প্ৰৰোচনাত অসমক পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) সৈতে চামিল কৰিবলৈ বিচৰা কাৰ্যৰ (গ্ৰুপিং আঁচনি) তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল । গোপীনাথ বৰদলৈকে ধৰি একাংশ দূৰদৰ্শী ব্যক্তিৰ প্ৰচেষ্টাত অসম বাংলাদেশৰ অংগ হোৱাৰ পৰা ৰক্ষা পৰে । গোপীনাথ বৰদলৈ ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৯৫০ চনৰ ৬ আগষ্টলৈ অসমৰ মুখ্যমন্ত্ৰী আছিল । স্বাধীনতাৰ পূৰ্বেও তেওঁ ১৯৩৮ চনৰ ১১ ছেপ্টেম্বৰৰ পৰা ১৯৪০ চনলৈ অসমৰ মুখ্যমন্ত্ৰী (তেতিয়াৰ প্ৰধানমন্ত্ৰী) হৈছিল । অসমৰ তেতিয়াৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেওঁক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল । ১৯৯৯ চনত তেওঁক মৰণোত্তৰভাৱে ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয় । এইগৰাকী নেতালৈ আমাৰ প্ৰণাম ।