আজি বিশিষ্ট বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ ওপজা দিন । ১৯১৫ চনৰ আজিৰ দিনটোতে যোৰহাটৰ কাকজানত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল এগৰাকী শিক্ষক, সমাজ সংস্কাৰক তথা মুক্তিযুঁজাৰু । তেওঁ ন-বাৰকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ (পূৰ্বৰ শ্ৰীশ্ৰী সংঘ) পদাধিকাৰৰ দায়িত্ব পালন কৰিছিল । তেওঁ নামধৰ্ম প্ৰকাশ, অসমৰ বৈষ্ণৱ দৰ্শনৰ স্বৰ্ণৰেখা, ভাগৱত মাহাত্ম্য, মহাপুৰুষীয়া ধৰ্ম জিজ্ঞাসা, বেদ আৰু মহাপুৰুষীয়া ধৰ্ম আদি বাৰখন বহুমূলীয়া গ্ৰন্থ ৰচনা কৰি থৈ গৈছে । অসম চৰকাৰে ২০০০ চনত তেওঁক কেবিনেট মৰ্যাদা সহকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে । এইগৰাকী পণ্ডিতলৈ আমাৰ প্ৰণাম ।
আজি ব্যতিক্ৰমী চিন্তাৰ অপেছাদাৰী নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ স্মৃতি দিৱস । নাট্য শিক্ষাৰ কোনো প্ৰতিষ্ঠানৰ পৰাই আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে তেওঁ অসমৰ অপেছাদাৰী নাট্য জগতখনত এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছিল । দিল্লীৰ নেচনেল স্কুল অব ড্ৰামাত এক অবাঞ্ছিত কাৰণত নাট্য শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈও নিজৰ ধৰণেৰে নাট্যচৰ্চা কৰি বিখ্যাত হোৱা মণিপুৰৰ কানহাইলালৰ পৰা তেওঁ নাট্য শিক্ষা গ্ৰহণ কৰিছিল । চহৰ-নগৰত কম বেছি পৰিমাণে নাট্যচৰ্চাৰ সুবিধা থকাৰ বিপৰীতে গাঁওসমূহত ইয়াৰ অভাৱ দেখি তেওঁ গোৱালপাৰা জিলাৰ এক গ্ৰাম্যাঞ্চলৰ শালনিৰ মাজত স্থাপন কৰে ‘বাদুংদুপ্পা কলা কেন্দ্ৰ’ । প্ৰাকৃতিক পৰিৱেশৰ মাজত মুকলি মঞ্চত সীমিত সা-সুবিধাৰে তেওঁ আৰম্ভ কৰিছিল এক ব্যতিক্ৰমী আৰু উন্নত মানৰ নাট্যচৰ্চা । পিছলৈ চহৰৰ পৰা আগ্ৰহী দৰ্শকে নাটক চাবলৈ তালৈ ঢাপলি মেলিছিল । ২০১৮ চনৰ আজিৰ দিনটোতে মাথোঁ ৪১ বছৰ বয়সতে তেওঁ জীৱন নাটৰ সামৰণি মাৰে । এইগৰাকী নাট্যকৰ্মীলৈ আমাৰ প্ৰণাম ।
আজি তথ্য প্ৰযুক্তিগত জনপ্ৰিয় প্ৰণালী ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱক ছাৰ টিম বাৰ্ণাৰ্ছ লীৰ ওপজা দিন । ১৯৫৫ চনৰ আজিৰ দিনটোতে তেওঁৰ জন্ম হৈছিল । এই ব্ৰিটিছ ইঞ্জিনীয়াৰ তথা কম্পিউটাৰ বিশেষজ্ঞগৰাকীয়ে ১৯৮৯ চনত পুৰণা হাইপাৰটেক্সটৰ ভিত্তিত প্ৰথম ৱৰ্ল্ড ৱাইড ৱেবৰ (যাক আজি আমি চমুকৈ ডব্লিউ ডব্লিউ ডব্লিউ বুলি কওঁ) প্ৰস্তাৱ দিয়ে । ১৯৯৩ চনৰ ৩০ এপ্ৰিলত ডব্লিউ ডব্লিউ ডব্লিউ সকলোৰে বাবে বিনামূলীয়াকৈ উপলব্ধ হয় ।আজি ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে ই এক অপৰিহাৰ্য প্ৰণালী হৈ পৰিছে । এইগৰাকী উদ্ভাৱকলৈ জনালোঁ ওপজা দিনৰ ওলগ ।