আজি সমাজ সংস্কাৰক তথা ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া কিৰণ বেদীৰ ওপজা দিন । ১৯৪৯ চনৰ আজিৰ দিনটোতে পঞ্জাবৰ অমৃতসৰত তেওঁৰ জন্ম হয় । ১৯৭২ চনত তেওঁ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে । তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া । তেওঁ ভাৰতীয় আৰক্ষী অনুসন্ধান আৰু বিকাশ দপ্তৰৰ প্ৰধান আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰে । ২০০৭ চনত তেওঁ স্বেচ্ছা অৱসৰ গ্ৰহণ কৰে । তেওঁ ড্ৰাগছ আসক্ত লোকসকলৰ নিচামুক্তি আৰু নাৰী সবলীকৰণৰ হকে কাম কৰিবলৈ নৱজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে । ইণ্ডিয়া ভিচন ফাউণ্ডেশ্যন নামৰ আন এটা স্বেচ্ছাসেৱী সংস্থা গঠন কৰিও তেওঁ আৰক্ষী সংস্কাৰ, মহিলা সবলীকৰণ, সামাজিক উন্নয়ন আদিৰ হকে কাম কৰে । এসময়ত আন্না হাজাৰেৰ নেতৃত্বাধীন দুৰ্নীতিৰ বিৰুদ্ধে ভাৰত কাৰ্যসূচীৰো তেওঁ অংশীদাৰ হয় । ২০০৪ চনত তেওঁ ৰাষ্ট্ৰসংঘৰ পুৰস্কাৰ, ১৯৯৪ চনত ৰমণ মেগচেচে বঁটাকে ধৰি অনেক বঁটা লাভ কৰে । এইগৰাকী নেত্ৰীলৈ যাচিলোঁ ওপজা দিনৰ ওলগ ।
আজি বিশিষ্ট চিত্ৰশিল্পী এম এফ হুছেইনৰ স্মৃতি দিৱস । তেওঁৰ সম্পূৰ্ণ নামটো আছিল মকবুল ফিডা হুছেইন । তেওঁ মাদাৰ ইণ্ডিয়া চলচ্চিত্ৰৰ উপৰি ৰামায়ণ, মহাভাৰত আদি দূৰদৰ্শন ধাৰাবাহিকৰো চিত্ৰশিল্পৰ কাম কৰিছিল । তেওঁ গজগামিনী নামৰ এখন হিন্দী চলচ্চিত্ৰও পৰিচালনা কৰিছিল, সংগীত দিছিল ডঃ ভূপেন হাজৰিকাই । ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণ সন্মান প্ৰদান কৰে । ২০১১ চনৰ আজিৰ দিনটোতে লণ্ডনত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী শিল্পীলৈ আমাৰ প্ৰণাম ।