আজি বৰেণ্য স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস । ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি ফাঁচিকাঠত ওলমিবলগীয়া হোৱা অসমৰ অন্তিমজন শ্বহীদ আছিল তেওঁ । স্বাধীনতা আন্দোলনৰ উপৰি তেওঁ অস্পৃশ্যতা নিৰ্মূলৰ হকেও দেহে-কেহে খাটিছিল । তেওঁ মহাত্মা গান্ধীৰ অহিংস নীতিত বিশ্বাসী আছিল যদিও ১৯৪২ চনৰ ১০ অক্টোবৰত সৰুপথাৰত সংঘটিত ৰে’ল দুৰ্ঘটনটোক তেওঁৰ নেতৃত্বত চলা এটা কূটাঘাতৰ ঘটনা বুলি ধৰি লৈ ব্ৰিটিছে অন্যায়ভাৱে তেওঁক দোষী সাব্যস্ত কৰি ১৯৪৩ চনৰ আজিৰ দিনটোতে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিছিল । এইগৰাকী স্বাধীনতা সংগ্ৰামীলৈ আমাৰ প্ৰণাম ।