আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজা দিন । ১৯০৩ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, কবি, প্ৰবন্ধকাৰ, শিশু-সাহিত্যিক, ঔপন্যাসিক আৰু মুক্তিযোদ্ধা । তেওঁ আছিল অসমৰ প্ৰথমগৰাকী চলচ্চিত্ৰ নিৰ্মাতা । প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ পৰিচালক আৰু প্ৰযোজক আছিল তেওঁ । তেওঁ প্ৰায় তিনিশমান গীত লিখি নিজে সুৰ কৰিছিল । তেওঁৰ গীতসমূহক জ্যোতিসংগীত আখ্যা দিয়া হয় । অসমীয়া সংস্কৃতিলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ৰূপকোঁৱৰ বুলি কোৱা হয় । এইগৰাকী বৰেণ্যলৈ আমাৰ প্ৰণাম ।