আজি বিশিষ্ট কবি, নাট্যকাৰ তথা প্ৰবন্ধকাৰ বেণুধৰ ৰাজখোৱাৰ স্মৃতি দিৱস । উপ-প্ৰতি সমাহৰ্তা ৰূপে কৰ্মজীৱনৰ পাতনি মেলি তেওঁ শিৱসাগৰৰ উপায়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰে । কলিকতাত পঢ়ি থকা সময়ত তেওঁ অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সৈতে জড়িত আছিল । পঞ্চ কবিতা, দশ গীত, বাঁহী, জীৱন সন্ধিয়া আদি তেওঁৰ কবিতা পুথি । অন্যান্য গ্ৰন্থৰ ভিতৰত অসমীয়া খণ্ডবাক্য কোষ, মোৰ জীৱন দাপোণ আদি উল্লেখযোগ্য । আদিকাণ্ড ৰামায়ণ তেওঁৰ সম্পাদনা গ্ৰন্থ । সেউতি কিৰণ, দক্ষযজ্ঞ, দৰবাৰ, কুৰি শতিকাৰ সভ্যতা, তিনি ঘৈণী আদি তেওঁ ৰচিত নাটক । অসমীয়া নাট্য সাহিত্যৰ জগতখনত এগৰাকী প্ৰহসন লেখক হিচাপে তেওঁৰ এক বিশেষ স্থান আছে । তেওঁ বিপ্ৰ দামোদৰ, নামঘোষা, কাণখোৱা আৰু গুণমালা ইংৰাজীলৈ অনুবাদ কৰিছিল । Assamese Demonology, Short Account of Assam, A note on the Miri Tribe in Assam তেওঁৰ কেইখনমান উল্লেখযোগ্য ইংৰাজী গ্ৰন্থ । ১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৫৫ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি বাগ্মীবৰ নীলমণি ফুকনৰ ওপজা দিন । ১৮৮০ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ত তেওঁৰ জন্ম হৈছিল । শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও পিছলৈ তেওঁ চাহ খেতিৰ সৈতে জড়িত হৈ পৰে । সেই ব্যৱসায়ো ত্যাগ কৰি তেওঁ সাংবাদিকতা কৰিবলৈ লয় । ১৯৩০ চনত তেওঁ বাতৰি নামৰ এখন সাপ্তাহিক কাকত উলিয়ায় । পিছলৈ সেইখনেই দৈনিক বাতৰি নামেৰে প্ৰকাশ পায় । তেওঁ ন-জোন নামৰ মাহেকীয়া আলোচনী এখনো প্ৰকাশ কৰিছিল । তেওঁ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘আলোচনী’ কাকতৰ সম্পাদক আছিল ।জ্যোতিকণা, মানসী, আহুতি আদি তেওঁৰ কবিতা পুথি । তেওঁৰ উল্লেখযোগ্য ভিন্ন বিষয়ক পুথি চিন্তামণি, সাহিত্য কলা, জয়াতীৰ্থ, জগতগুৰু শ্ৰীমন্ত শংকৰৰ ভক্তিমাৰ্গ দৰ্শন ইত্যাদি । বাতৰিৰ বিভূতি তেওঁৰ সম্পাদকীয় প্ৰবন্ধ সংকলন । তেওঁ অম্বিকাগিৰি ৰায়চৌধুৰীৰ সৈতে অসম সংৰক্ষিণী সভা স্থাপন কৰে । তেওঁ অসম বিধানসভাৰো সদস্য হৈছিল । তেওঁ এগৰাকী সুবক্তা আছিল বাবে তেওঁক বাগ্মীবৰ বুলি কোৱা হয় । তেওঁ স্বাধীনতা আন্দোলনত যোগ দি কাৰাবৰণ কৰিছিল । ১৯৪৭ চনত ডিব্ৰুগড়ত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি অসমীয়া ভাষা-সাহিত্যৰ মান ৰক্ষাৰ ক্ষেত্ৰত বিশেষ বৰঙণি যোগোৱা আমেৰিকান বেপ্টিষ্ট মিছনেৰী নাথান ব্ৰাউনৰ ওপজা দিন । ১৮০৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নিউ হেম্পশ্বায়াৰত তেওঁৰ জন্ম হৈছিল । ১৮৩৬ চনত একাংশ সংগীৰ সৈতে অসমলৈ আহি তেওঁ শিৱসাগৰত থিতাপি লয় । তেওঁ Grammatical Notes of Assamese Language নামৰ প্ৰথম অসমীয়া ব্যাকৰণ পুথিখন লিখিছিল । প্ৰথম অসমীয়া সংবাদপত্ৰ ‘অৰুণোদই’ প্ৰকাশতো তেওঁ আগভাগ লৈছিল আৰু কিছুদিন কাকতখনৰ সম্পাদকো হৈছিল । ব্ৰিটিছে অসমীয়া ভাষাক বাংলা ভাষাৰ এটা ৰূপ বুলি অসমত চৰকাৰী কাম আৰু পঢ়াশালীত বাংলা ভাষা প্ৰৱৰ্তনৰ পিছত অসমীয়া ভাষাক স্বকীয় ৰূপত পুনৰ প্ৰতিষ্ঠাত তেওঁৰ কামকাজে বিশেষ অৰিহণা যোগাইছিল । এইগৰাকী মহানুভৱ ব্যক্তিলৈ আমাৰ প্ৰণাম ।