আজি ‘প্ৰতিমাৰ খনিকৰ’ চন্দ্ৰ কুমাৰ আগৰৱালাৰ স্মৃতি দিৱস । তেওঁ আছিল ‘জোনাকী যুগৰ ত্ৰিমূৰ্তি’ৰ অন্যতম । তেওঁ ‘জোনাকী’ আলোচনীৰ প্ৰথমগৰাকী সম্পাদক আৰু ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰতিষ্ঠাপক সদস্য আছিল । ‘জোনাকী’ৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা তেওঁৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিয়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা ।
অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত অন্যতম চন্দ্ৰ কুমাৰ আগৰৱালাৰ প্ৰথমখন প্ৰকাশিত কবিতা পুথি আছিল ‘প্ৰতিমা’ । তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতাসমূহৰ ভিতৰত অন্যতম । ১৯৩৮ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী মহান সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি ‘নাইটিংগেল অব ইণ্ডিয়া’ হিচাপে খ্যাত সৰোজিনী নাইডুৰ স্মৃতি দিৱস । তেওঁ আছিল এগৰাকী আগশাৰীৰ স্বাধীনতা সংগ্ৰামী । তেওঁ বিখ্যাত ডাণ্ডী যাত্ৰাত মহাত্মা গান্ধীৰ সহযাত্ৰী আছিল । ইংৰাজী ভাষাৰ যশস্বী কবি হিচাপেও তেওঁৰ খ্যাতি বিপুল । তেওঁৰ বাগ্মিতাও আছিল অনন্য । তেওঁ আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী (ভাৰতীয়) মহিলা সভানেত্ৰী । স্বাধীনতাৰ পিছত তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল নিযুক্ত হৈছিল । ১৯৪৯ চনৰ আজিৰ দিনটোতে তেওঁ ইহলীলা সম্বৰণ কৰে । এইগৰাকী বিশিষ্ট নেত্ৰীক শ্ৰদ্ধাৰে সুৱৰিছোঁ ।