পৰিৱৰ্তনশীল সময়ৰ সৈতে খোজ মিলাই ৰাষ্ট্ৰীয় সামৰিক শিক্ষাৰ্থী বাহিনী অৰ্থাৎ এন চি চিক অধিক প্ৰাসংগিক কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰাক্তন সাংসদ বৈজয়ন্ত পাণ্ডাৰ অধ্যক্ষতাত এক উচ্চ-পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন কৰিছে।
জানিব পৰা মতে, সমিতিখনৰ আন আন সদস্যসকলৰ ভিতৰত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী, সাংসদ বিনয় সহস্ৰবুদ্ধে আৰু মহিন্দ্ৰা গোটৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰা ইত্যাদিৰ নাম উল্লেখযোগ্য।
লক্ষণীয় যে এম এছ ধোনীয়ে ইতিমধ্যে প্ৰাদেশিক আৰ্মীত সন্মানীয় লেফটেনেণ্ট কৰ্ণেলৰ পদবীৰ সন্মান দখল কৰিছে। তেওঁ এমাহৰো অধিক সময় ধৰি ভাৰতীয় সেনাৰ সন্মানীয় পেৰাচুট ৰেজিমেণ্টত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।
দেশৰ অন্যতম বিশিষ্ট ব্যৱসায়ী মহিন্দ্ৰাই তেওঁৰ ব্যৱসায়ৰ শীৰ্ষ প্ৰতিৰক্ষাৰ জৰিয়তে দেশৰ প্ৰতিৰক্ষা নিৰ্মাণ কাৰ্যসূচীত অৱদান আগবঢ়াই আহিছে। অতি শেহতীয়াকৈ, মহিন্দ্ৰা ডিফেন্সৰ ব্যৱসায়িক মুৰব্বীৰ এটা দলে সেনাপ্ৰধান জেনেৰেল এম.এম. নাৰাভানেৰ সৈতে বাৰ্তালাপ কৰিছিল।
মহিন্দ্ৰাই আগতে সেনাৰ ‘টুৰ অফ ডিউটি’ প্ৰস্তাৱৰ পোষকতা কৰিছিল, য’ত যুৱ কৰ্মৰত পেছাদাৰীসকলক সীমিত সময়ৰ বাবে সেনাত কাম কৰিবলৈ অনুমতি দিয়াটো অন্তৰ্ভুক্ত আছে।
মোডী চৰকাৰে এন চি চিৰ পৰিৱৰ্তনত মনোনিৱেশ কৰিছে। লক্ষণীয় যে এম অ’ ডিয়ে ২০২০ চনৰ আগষ্টত এন চি চিৰ সম্প্ৰসাৰণত অনুমোদন জনাইছিল। ২০২০ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণত এই সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে দুৰ্গম অঞ্চলসমূহে যাতে প্ৰশিক্ষিত জনশক্তি লাভ কৰে আৰু দেশৰ যুৱসকলে কম বয়সতে প্ৰশিক্ষিত বাহিনীৰ বাবে কাম কৰাৰ অভিজ্ঞতা লাভ কৰে তাৰ বাবে এন চি চি উপকূলীয় আৰু দূৰৱৰ্তী অঞ্চললৈ সম্প্ৰসাৰিত কৰা হ’ব।