১৯৮৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সন্মতি অনুসৰি ভাৰতত প্ৰতি বছৰে ২৪ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস হিচাপে পালন কৰা হয়, যাক ৰাষ্ট্ৰীয় উপভোক্তা দিৱস বুলিও কোৱা হয়। এই দিনটোৰ উদ্দেশ্য হৈছে গ্ৰাহক বা উপভোক্তা সকলক তেওঁলোকৰ অধিকাৰ আৰু দায়বদ্ধতাৰ বিষয়ে সজাগ কৰা।
উপভোক্তা সুৰক্ষা আইনে গ্ৰাহকসকলক ছটা মৌলিক অধিকাৰৰ নিশ্চয়তা দিয়ে ৷ সেয়া হ’ল-
১/সামগ্ৰী বাছনি কৰাৰ অধিকাৰ ৷
২/ সকলো ধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা সুৰক্ষিত হোৱাৰ অধিকাৰ ৷
৩/ সকলো সামগ্ৰীৰ প্ৰদৰ্শন আৰু মানদণ্ডৰ বিষয়ে অৱগত হোৱাৰ অধিকাৰ ৷
৪/ উপভোক্তা স্বাৰ্থৰ সৈতে সম্পৰ্কিত সকলো সিদ্ধান্ত লোৱা প্ৰক্ৰিয়াত শুনিবলৈ অধিকাৰ ৷
৫/ যেতিয়াই উপভোক্তা অধিকাৰ উলংঘন কৰা হয়, নিষ্পত্তি বিচৰাৰ অধিকাৰ ৷
৬/ উপভোক্তা শিক্ষা সম্পূৰ্ণ কৰাৰ অধিকাৰ।
ৰাষ্ট্ৰীয় উপভোক্তা দিৱস প্ৰতি বছৰে এক নিৰ্দিষ্ট বিষয়বস্তু কেন্দ্ৰ কৰি উদযাপন কৰা হয়। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে একত্ৰিত হৈ উপভোক্তা সজাগতাৰ ওপৰত অনুষ্ঠান পৰিচালনা কৰে। প্ৰায়ে, এনে অনুষ্ঠানবোৰত গ্ৰাহকৰ অধিকাৰৰ ওপৰত আলোকপাত কৰা স্কিট আৰু প্লে থাকে। ২০১৯ চনত, উপভোক্তা সুৰক্ষা আইন ২০১৯ ব্যাখ্যা কৰিবলৈ উপভোক্তা পৰিক্ৰমা বিভাগৰ দ্বাৰা এক ভাৰ্চুৱেল চেমিনাৰ আয়োজন কৰা হৈছিল।
বিশ্ব উপভোক্তা অধিকাৰ দিৱস আৰু ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস এই দুইটাক লৈ মানুহৰ মাজত প্ৰায়ে বিভ্ৰান্তিৰ সৃষ্টি হয়। যদিও দুয়োৰে উদ্দেশ্য একে কিন্তু দু্য়োটাই বেলেগ বেলেগ তাৰিখত পালন কৰা হয়। ৰাষ্ট্ৰীয় উপভোক্তা অধিকাৰ দিৱস আজি অৰ্থাৎ ২৪ ডিচেম্বৰ তাৰিখে আৰু বিশ্ব উপভোক্তা অধিকাৰ দিৱস প্ৰতি বছৰে ১৫ মাৰ্চত পালন কৰা