আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত বিজ্ঞানী চি ভি ৰমণে পোহৰ বিজ্ঞানত ‘ৰমন পৰিঘটনা’ (Raman Effect ) নামে এক মৌলিক তথ্য আৱিষ্কাৰ কৰিছিল। প্ৰতি বছৰে ভাৰতত ২৮ ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা বিজয়ী প্ৰথম জন ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমণৰ সন্মানাৰ্থে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপিত হৈ আহিছে।
‘ৰমন পৰিঘটনা ‘ আৱিষ্কাৰৰ স্বীকৃতি ৰূপে চি ভি ৰমণে ১৯৩০ চনত পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰে। উল্লেখ্য যে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ দ্বাৰা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপিত হৈ আহিছে। জনসাধাৰণৰ মাজত বিজ্ঞান মনস্কতা বৃদ্ধি তথা বিজ্ঞানৰ ব্যৱহাৰিক উপযোগীতা সম্পৰ্কে সজাগতা সৃষ্টি কৰাটোৱেই হৈছে এই দিৱসৰ প্ৰধান উদ্যেশ্য। সকলো বৈজ্ঞানিকক তেওঁলোকৰ উল্লেখনীয় অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন আৰু বিজ্ঞান গৱেষণাৰ বাবে তৰুণ প্ৰজন্মক উৎসাহিত কৰাটোৱে এই দিৱসৰ অন্যতম লক্ষ্য। প্ৰতি বছৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বাবে একোটা নিৰ্দিষ্ট বিষয় নিৰ্বাচন কৰা হয় আৰু দিৱসৰ সকলো কাৰ্যসূচী এই বিষয়ক কেন্দ্ৰ কৰিয়েই প্ৰস্তুত কৰা হয়।
২০২২ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বাবে নিৰ্ধাৰিত বিষয়বস্তু হ’ল , ‘বহনক্ষম ভৱিষ্যতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ঐক্যবদ্ধ প্ৰচেষ্ঠা’।