ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বহুলভাৱে উদযাপিত উৎসৱ হৈছে নৱৰাত্ৰী ৷ প্ৰতি বছৰে যথেষ্ট ধুমধামেৰে দেশজুৰি নৱৰাত্ৰি পালন কৰা হয়। পৰম্পৰাগতভাৱে হিন্দু সম্প্ৰদায়ে উদযাপন কৰা ইয়াক ন ৰাতি দহ দিন ধৰি পালন কৰা হয় ৷ য’ত দেৱী দুৰ্গাৰ নটা ৰূপক পূজা অর্চনা কৰা হয়।
দ্ৰিক পঞ্চাঙৰ মতে, অশ্বিন চন্দ্ৰ মাহৰ প্ৰথম দিনা ঘটস্থাপনেৰে নৱৰাত্ৰী আৰম্ভ হয়। ঘটস্থাপনৰ সময়ত স্থাপন কৰা কলহক দশম দিনা জলধাৰত বিসৰ্জন কৰা হয়।
এইবাৰ ২৬ ছেপ্টেম্বৰৰ পৰা শৈলপুত্ৰী (দেৱীৰ ৯টা ৰূপৰ ভিতৰত অন্যতম) পূজাৰে আৰম্ভ হ’ব নৱৰাত্ৰী ৷ ৫ অক্টোবৰত দুৰ্গা বিসৰ্জন আৰু দশেৰা উদযাপনেৰে সামৰণি পৰিব নৱৰাত্ৰিৰ । ইয়াৰ উপৰিও অষ্টমী তিথি ২ অক্টোবৰৰ সন্ধিয়া ৬:৪৭ বজাত আৰম্ভ হৈ ৩ অক্টোবৰৰ সন্ধিয়া ৪:৩৭ বজাত শেষ হয়।
নৱৰাত্ৰিৰ আটাইকেইটা দিনতেই দেৱী শক্তিৰ নটা ৰূপৰ বাবে উৎসৰ্গিত কৰা হয়। নৱদুৰ্গাৰ প্ৰতিটো অৱতৰে দুৰ্গা দেৱীৰ এক সুকীয়া বৈশিষ্ট্যক প্ৰতিনিধিত্ব কৰে। প্ৰতিদিনে নৱদুৰ্গাক আশীৰ্বাদ পাবলৈ এটা নিৰ্দিষ্ট প্ৰসাদ আগবঢ়োৱা হয় । শৈলপুত্ৰী পূজাৰ পিছত পৰৱৰ্তী দিনবোৰত ব্ৰহ্মচাৰিনী, চন্দ্ৰঘন্তা, কুষ্মাণ্ড, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰী, মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়।