ডবকা-শালবাগানত থকা ৫০০০ৰো অধিক শালগছ আৰু অন্যান্য বহুতো মূল্যবান তথা এশ বছৰৰ অধিক বয়সৰ গছ, চাৰি লেন যুক্ত পথ নিৰ্মাণৰ বাবে কাটিবলৈ লোৱা কাৰ্য্যৰ বিৰোধিতা কৰি ‘নৱাৰুণ…The Rising Ray অসম’ৰ সভাপতি, সাধাৰণ সম্পাদককে প্ৰমূখ্য কৰি অন্যান্য বিষয়ববীয়া তথা সদস্যসকল ৰবিবাৰে ডবকা শালবাগানত উপস্থিত হয়। উক্ত স্থানত গছ কটাৰ বিৰোধিতা কৰি জনসাধাৰণক সজাগ কৰাৰ ওপৰিও আন্দোলন চলাই থকা স্থানীয় ৰাইজৰ স’তে তেওঁলোক এক আলোচনাত মিলিত হয়, লগতে গছ কটাৰ বিৰোধিতাৰে গছ সমূহত গছ সংৰক্ষণৰ শ্ল’গান যুক্ত একোখনকৈ ফলক আঁৰি দিয়ে। তেওঁলোকে চৰকাৰক কাতৰ অনুৰোধ জনায় যে গছ কটাৰ পৰিৱৰ্তে যেন চৰকাৰে কিবা বিকল্প ব্যৱস্থা গ্ৰহণ কৰে । কাৰণ এই ৫০০০ ৰো অধিক গছ কটাৰ ফলত প্ৰাকৃতিক পৰিৱেশ তথা জৈৱ বৈচিত্ৰৰ যি ক্ষতি হ’ব সেয়া মানৱ সমাজে কোনোকালেই পূৰণ কৰিব নোৱাৰিব।
সকলো দল সংগঠন ঐক্যবদ্ধ হৈ এই গছ সমূহ সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ যেন কুণ্ঠাবোধ নকৰে তাৰ বাবে ‘নৱাৰুণ The Rising Ray অসমে’ সকলোকে অনুৰোধ জনায়