VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বেজ-বেজালি নহয়, উপযুক্ত চিকিৎসা কৰকঃ ১৩০০ তকৈয়ো অধিক সর্প দংশন ৰোগীক চিকিৎসা কৰা ডাঃ সুৰজিত গিৰিৰ “সাপ আৰু আমি” উন্মোচন

voicedesk by voicedesk
September 20, 2022
in সমাজ
বেজ-বেজালি নহয়, উপযুক্ত চিকিৎসা কৰকঃ ১৩০০ তকৈয়ো অধিক সর্প দংশন ৰোগীক চিকিৎসা কৰা ডাঃ  সুৰজিত গিৰিৰ “সাপ আৰু আমি” উন্মোচন
0
SHARES
62
VIEWS
Share on FacebookShare on Twitter

 

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পূৰ্বায়ন প্ৰকাশনৰ উদ্যোগত  আয়োজিত গ্ৰন্থ উন্মোচনী সভাত ডাঃ  সুৰজিত গিৰিৰ “সাপ আৰু আমি” উন্মোচন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷ গ্ৰন্থখনি উন্মোচন কৰে  বিশিষ্ট ঔপন্যাসিক, সাহিত্য অকাডেমী বঁটা বিজয়ী ,সাদিন আৰু সাতসৰী সম্পাদক অনুৰাধা শর্মা পুজাৰীয়ে ৷ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত তেও কয়-  ‘সৰ্প দংশন মানেই মৃত্যু নহয়। আধুনিক চিকিৎসাৰ জৰিয়তে আক্ৰান্ত ৰোগী আৰোগ্য হব পাৰে। সাপ সম্পৰ্কত সৰহ সংখ্যক লোকৰ মাজত প্ৰচলিত ভ্ৰান্ত ধাৰণা, অহেতুক ভয় আৰু সৰ্প দংশনৰ আধুনিক চিকিৎসাৰ বিষয়ে জ্ঞাত নোহোৱাৰ বাবে বহু লোকে সৰ্প দংশনত মৃত্যুক আকোঁৱালি লব লগা হয়। বিশ্ব স্বাস্থ্য সংস্থায়ো সৰ্প দংশনক এক অৱহেলিত ক্ৰান্তীয় ৰোগ বুলি  অভিহিত কৰিছে।  এনে ধূসৰতাৰ  মাজতে এগৰাকী চিকিৎসক সুৰজিত গিৰিয়ে নিৰৱিচ্ছিন্নভাৱে সৰ্প দংশনত আক্ৰান্ত ৰোগীক চিকিৎসাৰ প্ৰদান কৰি আৰোগ্য কৰি তুলিছে। তেওঁৰ এই প্ৰয়াসে সমগ্ৰ অসমতে এক আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ ডিমৌ গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসক ডাঃ গিৰিয়ে সৰ্প দংশন আক্ৰান্ত ৰোগীক প্ৰদান কৰা চিকিৎসা আৰু ৰোগী-চিকিৎসাকৰ্মীৰ জীৱন-মৰণ যুঁজৰ বাস্তৱ কাহিনীক “সাপ আৰু আমি” কিতাপৰ ৰূপত ধৰি ৰাখিছে।‘ বিশিষ্ট ঔপন্যাসিক, সাহিত্য অকাডেমী বঁটা বিজয়ী ,সাদিন আৰু সাতসৰী সম্পাদক গৰাকীয়ে লগতে কয় যে  সাপৰ আছে এক সন্মোহিত ৰূপ,  যি ৰূপে মোক সৰুৰে পৰা মোহিত কৰি আহিছে। এই  উন্মোচনী অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকি ক্ৰমে ভাৰতীয় চিকিৎসা সন্থা, অসমৰ সম্পাদিকা ডাঃ শিখা শৰ্মাৰ লগতে বিশিষ্ট ঔপন্যাসিক মনালিছা শইকীয়াই  বিষাক্ত সৰ্প দংশনৰ চিকিৎসা পদ্ধতি আৰু  ইয়াৰ বাবে ৰাইজে ল’ব লগা সাৱধানতা সম্পৰ্কেও মন্তব্য আগবঢ়াই। পূৰ্বায়ণ প্ৰকাশকৰ স্বত্বাধিকাৰ ড° অমৃত কুমাৰ উপাধ্যায়ে আদৰণী ভাষণেৰে আৰম্ভ কৰা অনুষ্ঠানটো আৰণ্যকৰ জ্যেষ্ঠ প্ৰৱন্ধক পৰিবেশবিদ জয়ন্ত কুমাৰ পাঠক আৰু গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ঘোষিকা প্ৰজন্মা চহৰীয়াই যুটীয়াভাৱে পৰিচালনা কৰে ৷ ইপিনে লিখকৰে মনৰ ভাব ব্যক্ত কৰি   ডাঃ সুৰজিত গিৰীয়ে কয় যে

“সাপ আৰু আমি” গ্ৰন্থখন মূলতঃ সৰ্প দংশনত আক্ৰান্ত ৰোগীসকলৰ বাস্তৱ কাহিনীৰে সমৃদ্ধ এখন তথ্য ভিত্তিক গ্ৰন্থ ৷ সৰ্প দংশনৰ পাছত ৰোগীসকলে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল, অহেতুক ভয় আৰু অন্ধবিশ্বাসক আকোঁৱালি লৈ বিভিন্ন বেজ-বেজালিৰ কাষ চাপি ৰোগীসকল কি অৱস্থাত পৰিছিল– সেই অভিজ্ঞতাৰ লগতে আৰু জৰা-ফুঁকা , বেজ-বেজালিক নস্যাৎ কৰি চিকিৎসা বিজ্ঞানক আস্থাৰে আকোঁৱালি লোৱা বহু ৰোগীৰ মনৰ খবৰেৰে সমৃদ্ধ হৈ উঠিছে গ্ৰন্থখন । লগতে আছে সৰ্প দংশনৰ পাছত ৰোগী সময়ত চিকিৎসালয়ত উপস্থিত নোহোৱাত ৰোগীৰ পৰিয়ালে আপোনজনক হেৰুৱাই মৰ্মাহত হোৱা হৃদয় বিদাৰক অভিজ্ঞতা ৷

অসমৰ মুলুকৰ বিভিন্ন বিষাক্ত আৰু অবিষাক্ত সাপৰ আত্মাকথনৰ লগতে সাপসমূহ চিনাকি হোৱাত গ্ৰন্থখনিয়ে পাঠক সমাজক সহায় কৰিব ৷২০১৮ চনৰ পৰা বৰ্তমান সময়লৈকে ১৩০০তকৈ অধিক সৰ্প দংশন ৰোগীক চিকিৎসা প্ৰদান কৰি আমি নিশ্চিত হৈছিলোঁ যে অসমৰ মুলুকত মাত্ৰ ১২.৫%  বিষাক্ত সাপেহে ব্যক্তিক দংশন কৰিছে ৷ বাকী সকলো অবিষাক্ত সাপে দংশন কৰিছে ৷ অসমত পোৱা সত্তৰোধিক প্ৰজাতিৰ ভিৰতৰত প্ৰায় ৬ প্ৰজাতিহে বিপদজ্জনকভাৱে বিষাক্ত সাপ ৷ এই প্ৰজাতি কেইটাৰ সাপে দংশন কৰিলেও  ৰোগী উপযুক্ত সময়ত চিকিৎসালয়ত উপস্থিত হয় তেন্তে সম্ভাব্য বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হব ৷ বিষাক্ত পিট ভাইপাৰ সাপৰ চিকিৎসা পদ্ধতি সম্পৰ্কেও গ্ৰন্থ খনিত সন্নিৱিষ্ট কৰা হৈছে ৷ ২০০ পৃষ্ঠাৰ গ্ৰন্থখনিত ডাক্তৰ, চিকিৎসাকৰ্মীসকলৰ মনৰ কথাৰো পাঠক সমাজে উমান পাব ৷ উল্লেখযোগ্য প্ৰকাশ কালতেই যথেষ্ট সমাদৰ লাভ কৰা  আজি উন্মোচিত হোৱা  গ্ৰন্থখন  সম্পাদনা কৰি তুলিছে পৰেশ হাতীমূৰীয়াই।

Previous Post

বিশ্বৰ ভিতৰতে এক অতি জনপ্ৰিয় ট্ৰেক ‘হাৰ কি ডুন-ৰুইনচাৰা ভেলী’ ট্ৰেক  

Next Post

” নামঘৰ গাৱঁৰ বিদ্যাপীঠ “

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
” নামঘৰ গাৱঁৰ বিদ্যাপীঠ “

" নামঘৰ গাৱঁৰ বিদ্যাপীঠ "

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7