উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সীমা নিৰ্ধাৰণৰ দায়িত্ব দিয়া হৈছে শ্বিলংৰ নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেন্টাৰক (এন ই এছ এ চি) । ৰাজ্যসমূহৰ আন্তঃৰাজ্যিক সীমা বিবাদবোৰ নিষ্পত্তি কৰিবৰ বাবে সেই ৰাজ্যৰ সীমাবোৰ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে নিৰ্ধাৰণ কৰিবলৈ কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে । মহাকাশ বিভাগ (ডি অ’ এছ) আৰু উত্তৰ-পূব পৰিষদৰ (এন ই চি) ৰ ই এক যৌথ প্ৰচেষ্টা । আমাৰ অসম কাকতৰ এক প্ৰতিবেদনত এই বাতৰি উল্লেখ কৰা হয় ।
উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজৰ সীমা বিবাদবোৰ প্ৰায়েই উদ্বেগৰ কাৰণ হৈ আহিছে আৰু বহু সময়ত হিংসাত্মক ঘটনাৰ ৰূপো লৈছে । অসম-মিজোৰামৰ আন্তঃৰাজ্যিক সীমাত মিজোৰামৰ আৰক্ষীৰ গুলীত অসমৰ আৰক্ষী ধাৰাসায়ী হোৱা ঘটনাতো তাৰেই এক উদাহৰণ ।এই ঘটনাই প্ৰমাণ কৰে যে আন্তঃৰাজ্যিক সীমা বিভাগৰ গভীৰতা কিমান ।
কাকতখনে উল্লেখ কৰিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৃত্ৰিম উপগ্ৰহৰ চিত্ৰৰ জৰিয়তে আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণৰ ধাৰণা পোষণ কৰা দেখা পোৱা গৈছিল। ইয়াৰ উপৰিও ৰাজ্যৰ মাজত সীমাবোৰ বিজ্ঞানসন্মতভাৱে নিৰ্ধাৰণ কৰিবৰ বাবে তথা আন্তঃৰাজ্যিক সীমা আৰু বনাঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰিবৰ বাবে এন ই এছ এ চিৰ সহায় লোৱাৰো পৰামৰ্শ দিছিল ।
উল্লেখযোগ্য যে শ্বিলঙৰ এন ই এছ এ চি য়ে অঞ্চলটোৰ বান নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে । বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰৰ ফলত ৰাজ্যসমূহৰ মাজত বিবাদৰ কোনো থল নাথাকিব আৰু ৰাজ্যসমূহে বিবাদৰ নিষ্পত্তি মানি ল’ব বুলি আশা কৰা হৈছে ।