ইণ্ডিয়ান অইল কৰপ’ৰেচনে গ্ৰাহকৰ বাবে আগবঢ়াইছে এক বিশেষ সুবিধা। এতিয়াৰ পৰা এল পি জি (LPG) চিলিণ্ডাৰৰ সংযোগৰ বাবে বিতৰণকাৰীৰ কাৰ্যালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। নতুনকৈ এল পি জি গেছৰ সংযোগ কৰিব বিচাৰিলে নিৰ্দিষ্ট নম্বৰত ফোন কৰিলেই পোৱা যাব গেছ চিলিণ্ডাৰ ।
উল্লেখযোগ্য যে কোনো লোকে নিজৰ ৰেজিষ্টাৰ মোবাইল নম্বৰৰ পৰা ৮৪৫৪৯৫৫৫৫৫ নম্বৰত কেৱল মিছ কল দিলেই গেছ চিলিণ্ডাৰ ৰিফিলৰ বাবে বুকিং কৰিব পাৰিব।
আনহাতে এটা চিলিণ্ডাৰৰ ঠাইত দুটা চিলিণ্ডাৰ বুকিং কৰাৰ সুবিধাও জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে।এই ক্ষেত্ৰত গ্ৰাহকে দ্বিতীয় চিলিণ্ডাৰ ল’ব বিচাৰিলে, ১৪.২ কিলোগ্ৰামৰ লগত ৫ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰো ল’ব পাৰিব ।
ইণ্ডিয়ান অইল কৰপ’ৰেচন(IOC)ৰ অধ্যক্ষই জনোৱামতে সমগ্ৰ দেশৰ গ্ৰাহকে লাভ কৰিব এই সেৱা।নিৰ্দিষ্ট নম্বৰত মিছ কল দি চিলিণ্ডাৰ ৰিফিল কৰা তথা নতুন এল পি জিৰ সংযোগ লোৱা সুবিধা ভাৰতত ইতিমধ্যেই আৰম্ভ কৰা হৈছে ।প্ৰথম অৱস্থাত মিছ কলৰ জৰিয়তে এইদৰে চিলিণ্ডাৰ বুকিং কৰা কাৰ্য্য নিৰ্দিষ্ট কিছুমান ঠাইত আৰম্ভ কৰা হৈছিল যদিও বৰ্তমান ধীৰে ধীৰে সমগ্ৰ দেশতে ই কাৰ্য্যকৰী হ’ব।
এল পি জি গেছ চিলিণ্ডাৰ বুকিং কৰিবৰ বাবে কি কৰিব লাগিব তাৰ বিষয়ে উল্লেখ কৰা হ’ল-
- প্ৰথমতে নিজৰ ৰেজিষ্টাৰ মোবাইল নম্বৰৰ পৰা ৮৪৫৪৯৫৫৫৫৫ নম্বৰত মিছ কল দিব লাগিব ।
- ভাৰত বিল পেমেন্ট চিষ্টেম (BBPS)ৰ মাধ্যমেৰে এল পি জিৰ চিলিণ্ডাৰ ৰিফিল কৰিব লাগিব ।
- গ্ৰাহকসকলে ইণ্ডিয়ান অইল এপ বা https://cx.indianoil.in ৰ মাধ্যমেৰে চিলিণ্ডাৰ বুকিং কৰিব পাৰিব।
- গ্ৰাহকসকলে ৭৫৮৮৮৮৮৮২৪ নম্বৰত হোৱাটছএপ মেছেজৰ জৰিয়তেও চিলিণ্ডাৰ ৰিফিল কৰিব পাৰিব ।
- আনহাতে ৭৭১৮৯৫৫৫৫৫ নম্বৰত এছ এম এছ বা আই ভি আৰ এছ কৰিও বুকিং কৰিব পাৰিব।
- এমেজন (Amazon) আৰু পেটিএম (Paytm) ৰ মাধ্যমেৰেও গেছ চিলিণ্ডাৰ বুকিং কৰিব পৰাৰ সুবিধা আছে ।