VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমছঃ মোবাইলৰ পাকচক্ৰত অপচয় হৈছে শিশুৰ মূল্যবান সময়

voicedesk by voicedesk
August 18, 2021
in সমাজ, জীৱন
ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমছঃ মোবাইলৰ পাকচক্ৰত  অপচয় হৈছে শিশুৰ মূল্যবান সময়
0
SHARES
108
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত স্কুলীয়া শিশু ছ’চিয়েল মিডিয়া আৰু অনলাইন গেমছত আটাইতকৈ বেছি সক্ৰিয় । কৰ‘না মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশত সময়ে সময়ে যেতিয়াৰে পৰা সান্ধ্য আইন তথা সম্পূৰ্ণ লকডাউনৰ ব্যৱস্থা কৰা হৈছে তেতিয়াৰে পৰাই  শিশুসকলেও ঘৰতে অনলাইন শিক্ষা পদ্ধতিৰে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে। কিন্তু অনলাইন ক্লাচ কৰাৰ সমসাময়িক ভাৱে স্কুলীয়া শিশু এতিয়া ছ’চিয়েল মিডিয়া, ইন্টাৰনেট আদিত সক্ৰিয় হৈ পৰিছে।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ( এন চি পি চি আৰ ) চলোৱা এক সমীক্ষা মতে ভাৰতত ১০ বছৰ বা তাতোকৈ কম বয়সৰ বৃহৎ সংখ্যক শিশুৰ ছ’চিয়েল মিডিয়াত একাউন্ট আছে । এই সমীক্ষা চলোৱা হৈছিল প্ৰায় ৩৪০০ জন স্কুলীয়া শিশুক লৈ । আৰু তাৰে ভিতৰত প্ৰায় ৪২% শিশুৰ ছ’চিয়েল মিডিয়াত একাউন্ট আছে বুলি জানিব পৰা গৈছিল । শিশুসকলৰ মাজত আটাইতকৈ জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিং চাইট অথবা এপ হৈছে ফেচবুক আৰু ইনষ্টাগ্ৰাম । ফোনত মেছেজ কৰিবৰ বাবে অধিকাংশ শিশুৱে ৱাটছ এপ , ফেচবুক , ইনষ্টাগ্ৰাম আৰু স্নেপশ্বটৰ দৰে মেছেজিং এপ ব্যৱহাৰ কৰে বুলি সমীক্ষাত গম পোৱা গৈছে ।

উল্লেখযোগ্য যে ছ’চিয়েল নেটৱৰ্কিং চাইটত একাউন্ট খোলাৰ বাবে শিশুৰ নূন্যতম বয়স হৈছে ১৩ বছৰ । আনহাতে ভাৰতত ১৩ বছৰ বয়সতকৈ উৰ্ধ্বৰ শিশুৰ মাজত স্মাৰ্ট ফোন তথা ইন্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পোৱা বুলি সমীক্ষাত উল্লেখ কৰা হৈছে । এক প্ৰকাৰে চাবলৈ গ’লে ছ’চিয়েল নেটৱৰ্কিং প্লেটফৰ্মৰ তৰফৰ পৰা নিৰ্ধাৰণ কৰা নীতি – নিৰ্ধাৰণ উলংঘনৰ এয়া এক স্পষ্ট উদাহৰণ বুলি ক’ব পৰা যায় ।

ছ’চিয়েল মিডিয়াত আজিকালি সকলো বিষয় সহজলভ্য ।এই চাইটত এনে কিছুমান বিষয়ো আছে যিবোৰ শিশুৰ বাবে উপযোগী নহয় । শিশুৰ বাবে অনুকূল বহুত বিষয় এতিয়া শিশুৱে স্মাৰ্টফোনৰ ব্যৱহাৰ জনাৰ পৰা নিজেই উলিয়াই ল’ব পৰা হৈ উঠিছে । আনহাতে পঢ়া-শুনাৰ বাবে বৰ্তমান ফোনটোৱেই এতিয়া একমাত্ৰ সাৰথি হোৱাৰ বাবে পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ হাতত মোবাইল তুলি দিবলৈ বাধ্য হৈ পৰিছে । মোবাইলটো হাতত পৰা ল’গে ল’গে বহুতো শিশু আকৌ অনলাইন গেমছবোৰৰ প্ৰতিও আকৰ্ষিত হৈছে ।

বিজ্ঞান প্ৰযুক্তিৰ ব্যাপক উন্নতি তথা ক’ভিড -১৯ ৰ তলাবদ্ধ পৰিস্থিতিয়ে মোবাইল ফোনটোক যেন মানুহৰ আৰু কাষলৈ চপাই আনিলে। মোবাইলটোৰ পাকচক্ৰত বহু মূল্যবান সময় অপচয় কৰি তাৰ বিনিময়ত কৰ্মহীনতা, মানসিক অশান্তি আৰু বিশাদগ্ৰস্ততাত সোমাই পৰিছে প্ৰায়ভাগলোক । আৰু এতিয়া লাহে লাহে শিশু সকলো সেই দিশেৰেই গতি কৰিছে । কিন্তু বৰ্তমান সময়ত এই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিয়াতো খুবেই জৰুৰী হৈ পৰিছে ।

কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে নেতিবাচক প্ৰভাৱ পেলোৱাৰ এই সময়খিনিত মোবাইল ফোন , ইন্টাৰনেট , ছ’চিয়েল চাইট , অনলাইন শিক্ষা আদিবোৰে সকলো ক্ষেত্ৰতে গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে । ভৱিষ্যতে তাৰ ফলাফল ইতিবাচক হ’ব নে নেতিবাচক হ’ব সেইয়া এতিয়াও এক ডাঙৰ প্ৰশ্ন ।

Previous Post

এজন খেতিয়কে ক্ৰয় কৰিলে ৩০ কোটি টকীয়া হেলিকপ্টাৰ

Next Post

অলিম্পিকে যেতিয়া কলাৰ বাবে পদক প্ৰদান কৰিছিল!

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
অলিম্পিকে যেতিয়া কলাৰ বাবে পদক প্ৰদান কৰিছিল!

অলিম্পিকে যেতিয়া কলাৰ বাবে পদক প্ৰদান কৰিছিল!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7