লকডাউনে জুৰুলা কৰা জীৱন-জীৱিকাত উপায়বিহীন হৈ সমাজৰ একাংশ লোকে পেটৰ ভাতমুঠিৰ বাবে চুৰি-ডকাইতিৰ পথ বাছি ল’বলৈ বাধ্য হৈছে।
তথ্য অনুসৰি লকডাউনে চুৰি-ডকাইতি, হত্যা-লুণ্ঠনৰ প্ৰৱণতা বৃদ্ধি কৰিছে। পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত জীৱনটোক নগণ্য জ্ঞান কৰি একাংশ লোক অপৰাধজনিত ঘটনাত অনিচ্ছাকৃতভাৱেও জড়িত হৈ পৰিছে।
সম্প্ৰতি আৰক্ষীৰ হিটলিষ্টত থকা ইৰাণী গ্রুপৰ এগৰাকী সদস্য পাঠশালা আৰক্ষীৰ জালত পৰিছে।আৰক্ষীৰ জালত পৰা ইৰাণী গ্রুপৰ সদস্য গৰাকী বিহাৰৰ ছাহু যাদৱ।
জানিবলৈ পোৱা মতে বেংকৰ পৰা ২ লাখ টকা উলিয়াই ঘৰলৈ যোৱাৰ পথত এগৰাকী মহিলাৰ পৰা টকাখিনি কাঢ়ি ল’ব বিচাৰোতেই হাতে-লোটে ধৰা পৰে ইৰাণী গ্রুপৰ মাষ্টাৰ মাইণ্ড ছাহু যাদৱ।
দীৰ্ঘদিন ধৰি নামনি অসমৰ বিভিন্ন ঠাইত সন্ত্ৰাস চলাই অহা ইৰাণী গ্রুপৰ সদস্যগৰাকী ধৰা পৰাত স্বস্তিৰ নিশ্বাস পেলাইছে পাঠশালা বাসীয়ে।
ইয়াৰ লগতে পাঠশালাৰ সচেতন মহলে সমগ্ৰ চক্ৰটো উৎখাতৰ দাবী উত্থাপন কৰিছে। সম্প্ৰতি পাঠশালা আৰক্ষীৰ জিম্মাত থকা দুধর্ষ চোৰ ছাহুৱে অৱশ্যে লকডাউনত উপায়হীন হৈ চৌর্য্য বৃত্তিত লিপ্ত হোৱা বুলি উল্লেখ কৰিছে।