ভাৰতৰ এগৰাকী আই এফ এছ বিষয়া চুছান্তা নন্দাই সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰা কিছুমান আলোকচিত্ৰই শেহতীয়াকৈ নেটিজেন সকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে যথেষ্ট চৰ্চা লাভ কৰিছে। সোমবাৰে সামাজিক মাধ্যম যোগে বিষয়াগৰাকীয়ে ওড়িশাৰ সাগৰৰ পাৰৰ সুন্দৰ সুন্দৰ দুখন ছবি পোষ্ট কৰে।
নন্দই অনলাইনত পোষ্ট কৰা দুয়োখন ছবিতে সৰু সৰু গছ-গছনিৰে আবৃত বিশাল বিস্তৃত ভূমি দেখা পোৱা গৈছে য’ত সেউজীয়াৰ আৱৰণ ইমানেই বিস্তৃত যে বালি প্ৰায়েই দেখা পোৱা নাযায়। সম্পূৰ্ণকৈ ফুলি উঠা উজ্জ্বল গুলপীয়া ৰঙৰ ফুলবোৰে ঢাকি ধৰিছে গছবোৰ ৷ আনহাতে দুয়োখন ছবিতে দেখা গৈছে স্বচ্ছ নীলা আকাশ আৰু পৰিষ্কাৰ সাগৰ তীৰ।
শান্ত আকাশৰ বিপৰীতে সাগৰ দেখা পোৱা এই আকৰ্ষণীয় ফটোবোৰ পুৰীৰ গোল্ডেন বিচ আৰু নীলাদ্ৰী বিচত তোলা ।ছবি দুখনৰ কেপচন দি নন্দাই লিখিছে, ‘ফুলৰ বিচ’। পুৰীৰ দুখন আটাইতকৈ পৰিষ্কাৰ আৰু আটাইতকৈ নিস্তব্ধ বিচ গোল্ডেন বিচ আৰু নিলাদ্ৰী বিচ । ফুলৰ উপত্যকাৰ মাজেৰে আগবাঢ়ি যাওঁক, য’ত বালিৰে আবৃত টিলাবোৰ এতিয়া সম্পূৰ্ণকৈ ফুলি উঠিছে।”
ইতিমধ্যে পুৰীৰ গোল্ডেন বিচে লাভ কৰিছে সন্মানীয় ব্লু ফ্লেগ প্ৰমাণপত্ৰ। উল্লেখযোগ্য যে এই প্ৰমাণপত্ৰ তেতিয়াহে প্ৰদান কৰা হয় যেতিয়া কোনো বিচে সুৰক্ষা, গুণগত মান, আৰু পৰিৱেশ ব্যৱস্থাপনাৰ কঠোৰ মাপকাঠী পূৰণ কৰে। ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ বাতৰি অনুসৰি ওড়িশা চৰকাৰে নীলাদ্ৰী বিলকে ধৰি আন বিলসমূহৰ বাবেও এই প্ৰমাণপত্ৰ লাভ কৰাৰ লক্ষ্য লৈছে।
নন্দাই আপলোড কৰা এই ফট’বোৰত দেখা পোৱা গছবোৰৰ ধুনীয়া ফুলবোৰৰ বাহিৰেও চামৰাৰ দৰে পাতবোৰো অনন্য। দেখাত ছাগলীৰ ভৰিৰ ছাপ যেন লাগে বাবেই গছজোপাক “ছাগলীৰ ভৰিৰ লতা’ বুলিও কোৱা হয়।
এই চামৰাৰ দৰে পাতৰ গুলপীয়া ফুলৰ অপৰূপ সৌন্দৰ্য্যই এতিয়া পুৰীৰ গোল্ডেন বিচ আৰু নীলাদ্ৰী বিচলৈ আকৰ্ষিত কৰিছে সকলোকে ৷
The ‘Beach of flowers’.
Puri has two stretch of cleanest & most serene beaches- Golden& Niladri. Move over the Valley of flowers…
Sand dunes covered with natural sand binders in full bloom. pic.twitter.com/oifTOEq0BH— Susanta Nanda (@susantananda3) November 7, 2022