গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত ২৭ নৱেম্বৰ তাৰিখে উন্মোচন কৰা হয় চানমাৰিৰ ভাষা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত সুৰেন্দ্ৰ মোহন দাসৰ ‘পদ্যৰ সঁফুৰা’ নামৰ পুথিখন ৷ হৰেকৃষ্ণ হালৈয়ে আঁত ধৰা সভাখন আৰম্ভ কৰা হয় আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গায়িকা শিখামণি দত্তই পৰিবেশন কৰা এটি শিশু-গীতেৰে ৷
উক্ত গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট লেখক, প্ৰবন্ধকাৰ, সমালোচক জ্যোতি খাটনিয়াৰে কয় যে শিশু-সাহিত্য ৰচনা কৰাটো বৰ সহজ নহয়৷ বিশেষকৈ ছন্দোবদ্ধ কবিতাৰে শিশুক আকৰ্ষণ কৰিব পৰাটো একপ্ৰকাৰ দুৰূহ কাম৷ অৱশ্যে এই কামটোকে গ্ৰন্থখনৰ লেখক সুৰেন্দ্ৰ মোহন দাসে বহুবছৰ ধৰি নিষ্ঠাৰে কৰি আহিছে৷ আনহাতে সাহিত্য অকাডেমীৰ ‘শিশু-সাহিত্য বঁটা’প্ৰাপক শিশু-সাহিত্যিক, ‘চোতালৰ পখিলা’ শিশু-আলোচনীৰ সম্পাদক যুগললোচন দাসে অসমত শিশু সাহিত্যৰ ধাৰা আৰু ইয়াৰ অগ্ৰগতিৰ বিষয়ে কয়৷ ‘হিয়াৰ ৰামধেনু’ শিশু-আলোচনীৰ সম্পাদক অনুভৱ পৰাশৰে ২৫ বছৰীয়া সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘গতি অসম’ৰো সম্পাদনাৰ অভিজ্ঞতাৰে শিশু-কিশোৰৰ ক্ষেত্ৰত কৰি অহা কাম-কাজৰো সামগ্ৰিক মূল্যায়ন আগবঢ়াই আৰু দাসৰ পদ্যৰ শলাগ লয়৷
ৰূপালী জয়ন্তী বৰ্ষ পাৰ কৰা অসমৰ এক অগ্ৰণী অনুষ্ঠান — ‘গুৱাহাটী মহানগৰ কবি কানন’ আৰু ‘সৃষ্টি’ৰ সভাপতি কমলজিৎ কলিতায়ো সুৰেন্দ্ৰ মোহন দাসৰ শিশু-কবিতাসমূহৰ প্ৰশংসাসূচক বক্তব্য আগবঢ়ায়৷ কলিতাই এই কথাটোতো গুৰুত্ব প্ৰদান কৰে যে শিশুসকলক আমি সাহিত্যৰ ক্ষেত্ৰতো আগুৱাই নিয়াটো সকলোৰে এক দায়িত্ব৷ তেওঁ সুৰেন্দ্ৰ মোহন দাসে অঁকা ছবি আৰু সাহিত্যৰ ভিন্নক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ কথাও উল্লেখ কৰে৷ গ্ৰন্থখনৰ প্ৰকাশক, ‘ভাষা প্ৰকাশন’ৰ স্বত্বাধিকাৰী লেখক, সাহিত্য-সংগঠক মুকুট শৰ্মাই কয় যে শিশুৰ বাবে সুন্দৰ ছন্দেৰে পদ্য লিখি অহা লেখকৰ এই গ্ৰন্থখন অসমীয়া শিশু-সাহিত্যৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ’ব বুলি বিশ্বাস ৰাখিয়েই তেওঁলোক প্ৰকাশৰ বাবে আগবাঢ়িছিল৷
এই উন্মোচনী সভাৰ মাজতে স্বৰচিত শিশু-কবিতা পাঠ কৰে গুৱাহাটীৰ জোনমণি দাস, যোগানন্দ মহন্ত, হৰি চন্দ্ৰ ডেকা, হিমাংশু পাঠক, যুতিকা শৰ্মা, অণিমা বৰঠাকুৰ, চন্দন কুমাৰ বৰ্মন, ছিকিমৰ অনসূয়া বৰঠাকুৰ আদিয়ে৷ লগতে থুনু দেৱীয়ে এটি গীত পৰিৱেশন কৰে ৷ বহুকেইগৰাকী স্বনামধন্য কবি সাহিত্যিক, সাংবাদিক, সাহিত্যপ্ৰেমী লোকৰ উপস্থিতিয়ে উন্মোচনী সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ তাৰ ভিতৰত বিশিষ্ট লেখিকা, নিয়মীয়া বাৰ্তাৰ উপ সম্পাদক ড০ গীতালি শইকীয়া, বিশিষ্ট সমালোচক বিপুল শৰ্মা, কবি কাননৰ সম্পাদক কাব্যশ্ৰী বৰপাত্ৰ, দৈনিক অসম কাকতৰ উপ সম্পাদক তথা অসমৰ আগশাৰীৰ কুইজাৰ্ড দীপাংকৰ কৌশিক, সন্মিলিত সাহিত্য-সাংস্কৃতিক মঞ্চ ‘সৃষ্টি’ৰ সম্পাদক, আবৃত্তিকাৰ চন্দন কুমাৰ বৰ্মন, ৰঞ্জিত চৌধুৰী, থুনু দেৱী, ‘অনুৰণন’ৰ অন্যতম লেখক, গল্পকাৰ হৰি চন্দ্ৰ ডেকা, ‘উত্তৰ পুৰুষৰ মঞ্চ, অসম’ৰ উপ সভাপতি ববিতা বৈশ্য লহকৰ, চন্দন শৰ্মা আদি অন্যতম ৷ সভাৰ শেষত কাব্যশ্ৰী বৰপাত্ৰই সভাত উপস্থিত সকলোকে উদ্দেশ্যি শলাগৰ শৰাই আগবঢ়ায়৷