ছচিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম আৰক্ষী। আফগানিস্তানত তালিবানে সন্ত্ৰাস সৃষ্টি কৰাৰ সময়তে অসমতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। একাংশ লোকে তালিবানৰ সমৰ্থনত ছচিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দিয়া দেখা গৈছে। ইতিমধ্যে এই সন্দৰ্ভত অসম আৰক্ষীয়ে ১৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে ।
অসম আৰক্ষীয়ে তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰি কেইবাগৰাকীও লোকক অসমৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰাৰ লগতে বহুকেইটা ছচিয়েল মিডিয়া একাউন্টৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে।
@assampolice has arrested 14 persons for social media posts regarding Taliban activities that have attracted provisions of law of the land.People are advised to be careful in posts/likes etc on social media platforms to avoid penal action @CMOfficeAssam @DGPAssamPolice @HMOIndia pic.twitter.com/iQaKTXP74x
— GP Singh (@gpsinghips) August 21, 2021
অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকসকল হৈছে, মৌলানা ফজৰুল কৰিম (দৰং), আবু বক্কৰ ছিদ্দিক (কামৰূপ গ্ৰাম্য), ছাইদুল হক (কামৰূপ গ্ৰাম্য), জাভেদ মজুমদাৰ (কাছাৰ), মঝিদুল ইছলাম (বৰপেটা), ফাৰুক হুছেইন খান (বৰপেটা), চৈয়দ আহমেদ (ধুবৰী), আৰমান হুছেইন (ধুবুৰী), নাদিন আখতাৰ ( হাইলাকান্দি), খণ্ডকাৰ নুৰ আলম (দক্ষিণ শালমাৰা), মৌলানা য়াচিন খান (গোৱালপাৰা), মুজিদ উদ্দিন (কৰিমগঞ্জ), মুৰ্তাজা হুছেইন খান (কৰিমগঞ্জ)।
ইয়াৰ সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনে ছচিয়েল মিডিয়াৰ বিভিন্ন একাউন্টৰ ওপৰত চোকা নজৰ ৰাখিছে যাতে কোনেও বিতৰ্কিত পোষ্টৰ জৰিয়তে ৰাজ্যখনৰ শান্তি শৃংখলাত ব্যাঘাত জন্মাব নোৱাৰে।
উল্লেখ্য যে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত হাইলাকান্দিৰ নাদিন আখতাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্র। অসম আৰক্ষীয়ে তাৎক্ষণিকভাৱে বিভিন্ন জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা এই লোকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।