ব্লুটুথ লগোৱা ছেণ্ডেল পিন্ধি পৰীক্ষা দিবলৈ আহি আৰক্ষীৰ হাতত ১০ জনকৈ পৰীক্ষাৰ্থী আটক হৈছে বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি ৰাজস্থানত অনুস্থিত শিক্ষক নিযুক্তি পৰীক্ষাত পৰীক্ষকে সন্দেহজনক পৰিস্থিতিত পৰিক্ষাৰ্থীসকলক লক্ষ্য কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক সেই বিশেষ ছেণ্ডেলৰ সৈতে আটক কৰি অধিক তদন্তৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।
উক্ত বাতৰি ভাইৰেল হোৱাৰ পাছত বহুকেইখন জিলাত পৰিক্ষাৰ্থীসকলক পৰীক্ষাগৃহৰ বাহিৰতে জোতা-চেণ্ডেল খুলি থৈ যাবলৈ কৰ্তৃপক্ষই নিৰ্দেশ প্ৰদান কৰে। উল্লেখ্য যে নকলৰ এই অদ্ভূত কৌশল অৱলম্বন কৰিবলৈ এজন পৰিক্ষাৰ্থীয়ে ৬ লাখকৈ টকা খৰচ কৰিছিল বুলি বাতৰিত প্ৰকাশ পাইছে।
আশ্চৰ্যজনকভাৱে তদন্তত ফাদিল হয় যে মুঠ ২৫ জন পৰিক্ষাৰ্থীয়ে ব্লুটুথ লগোৱা ছেণ্ডেল ক্ৰয় কৰিছিল! এই তথ্য প্ৰকাশ পোৱাৰ পিছতেই ৰাজ্যখনৰ শিক্ষা মন্ত্ৰী গোবিন্দ সিং ডোটসাৰাই শিক্ষক নিযুক্তি পৰীক্ষা পুনৰ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে।