প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দৈনিক মাত্ৰ এবাৰহে আহাৰ গ্ৰহণ কৰে। মোডীয়ে নিজেই জনাইছে এই কথা আৰু তাৰ আঁৰৰ ৰহস্য। প্ৰাপ্ত তথ্য মতে মন্ত্ৰী গৰাকীয়ে এইকেইদিন সদায় একে সময়তে, একেই আহাৰ গ্ৰহণ কৰিছে।
উল্লেখ্য যে নৰেন্দ্ৰ মোডীয়ে টকিঅ’ অলিম্পিকত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ভাৰতীয় খেলুৱৈসকলক সোমবাৰে নিজৰ বাসগৃহত আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল। সেই সময়তে অলিম্পিকত জেভলিন থ্ৰো ত সোণৰ মেডেল আনিবলৈ সক্ষম হোৱা নীৰজ চোপ্ৰাক তেঁও চুৰমাৰ সোৱাদ ল’বলৈ অনুৰোধ জনায়। আনহাতে মোডীয়ে নিজ মুখেৰে নীৰজক জনাই যে চতুৰ্মাহ (Chaturmas) চলি থকাৰ বাবে এই কেইদিন তেঁও একেই সময়তে একে ধৰণৰ খাদ্য গ্ৰহণ কৰি আছে।
উল্লেখ্য যে জৈন ধৰ্মত বিশ্বাসী লোকসকলৰ বাবে চতুৰ্মাহ এক উৎসৱৰ দৰে। হিন্দু ধৰ্মৰ লোকসকলেও এই সময়ত বিভিন্ন ধৰণৰ ধাৰ্মিক অনুষ্ঠান পালন কৰে। এই সময়ত সাধাৰণতে দৈ , পাত থকা শাক-পাচলি খাদ্য হিচাপে গ্ৰহণ কৰা নহয়। আনহাতে বতৰৰ প্ৰতি লক্ষ্য ৰাখিও এই দিনকেইটাত সদায় একে সময়তে খাদ্য গ্ৰহণ কৰে বহুতো লোকে।
মোডীয়েও এই চতুৰ্মাহৰ বাবেই গ্ৰহণ কৰি আছে মাত্ৰ একেবিধ খাদ্য। উল্লেখ্য যে মোডীৰ বাসভৱনত আমন্ত্ৰিত অতিথিসকলৰ আহাৰ গ্ৰহণৰ সময়তে দেখা পোৱা গ’ল মোডীয়ে নীৰজ চোপ্ৰাক চুৰমা যচা কাৰ্য।