সমাজ কল্যাণ বিভাগত সংঘটিত হোৱা বিভিন্ন বেমেজালি আৰু অসম চৰকাৰে প্ৰতিবন্ধী সকলক বিগত সময়ছোৱাত কৰি অহা লাঞ্চনা–বঞ্চনাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে দিশপুৰ প্ৰেছ ক্লাৱত প্ৰতিবন্ধী সুৰক্ষা সংস্থাই এক সংবাদ মেল যোগে তেওঁলোকৰ দাবী সমূহ সদৰি কৰে।
সমাজ কল্যাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি সংস্থাটোৰ সম্পাদক নৃপেন মালাকাৰে কয় যে অসম চৰকাৰৰ সকলোবোৰ আঁচনিৰ পৰা বিশেষভাৱে সক্ষম এই লোকসকল আজিৰ তাৰিখত বঞ্চিত হৈ আছে।বিশেষকৈ অৰুণোদয় আঁচনিৰ পৰা এই বিশেষভাৱে সক্ষম প্ৰকৃত হিতাধিকাৰী সকলক বঞ্চিত কৰি ৰখা হৈছে।
আনহাতে দীনদয়াল দিব্যাংগ আঁচনিৰ চাৰি হাজাৰ টকা শীঘ্ৰেই মুকলি কৰি দিবলৈ তেওঁ দাবী জনায়।উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাত নতুনকৈ হ’বলগীয়া নামভৰ্ত্তিত প্ৰতিখন মহাবিদ্যালয়,বিশ্ববিদ্যালয়,চিকিৎসা তথা কাৰিকৰী মহাবিদ্যালয় সমূহত প্ৰতিবন্ধী আইন ২০১৬ ৰ ৩২ নং দফা অনুসৰি ৫% আসন সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে দাবী উত্থাপন কৰে।
সংবাদ মেলত দৃষ্টিহীন যুৱ সংস্থাৰ সদস্য তথা কটন বিশ্ববিদ্যালয়ৰ মেধাবী ছাত্ৰ তাপস কলিতাই কয় যে প্ৰতিবন্ধী আইনত স্পষ্টভাৱে উল্লেখ থকাৰ পিছতো আজিকোপতি কোনো এখন বিদ্যালয়-মহাবিদ্যালয়তে প্ৰতিবন্ধীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হোৱা নাই।
ইতিমধ্যে সংগঠনটোৱে এই সম্পৰ্কে শিক্ষা মন্ত্ৰী আৰু প্ৰতিবন্ধী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুদৃঢ় কৰাৰ ক্ষেত্ৰত চৰকাৰে এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংগঠনটোৰ কৰ্মকৰ্তা সকল আশাবাদী।
ইয়াৰ উপৰিও দৃষ্টিহীন পৰিষদ অসমৰ সাধাৰণ সম্পাদক প্ৰনব বেজবৰুৱাই এক বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰি প্ৰতিবন্ধী সকলকো শিক্ষক পদত নিযুক্তি দিবলৈ দাবী জনায়।
ইয়াৰ সমান্তৰালভাৱে সমাজ কল্যাণ বিভাগৰ কামৰূপ জিলাৰ কৰ্মচাৰী এগৰাকীয়ে আঁচনিৰ ধন মুকলি কৰি দিয়াৰ নামত সংগঠনটোৰ এগৰাকী সদস্যৰ পৰা ধন বিচাৰিছিল। এই সন্দৰ্ভত তথ্য সহকাৰে অভিযোগ দাখিল কৰাৰ পিছত বিভাগে অভিযুক্ত কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে যদিও জিলা সমাজ কল্যাণ বিষয়া গৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে সংস্থাটোৰ কৰ্মকৰ্তা সকল।
আনহাতে নতুনকৈ বেলতলাত স্থাপন হ’বলগীয়া সমাজ কল্যাণ বিভাগৰ সামাজিক ন্যায় আৰু সৱলীকৰণৰ বিশেষ সঞ্চালকালয়ৰ নিযুক্তি দিবলগীয়া সঞ্চালক গৰাকী একক দায়িত্ব প্ৰাপ্ত বিষয়া হ’ব লাগিব বুলি দাবী জনায়।
ইয়াৰোপৰি চতুৰ্থবৰ্গৰ ৫১১ টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ আসোঁৱাহ সমূহ দূৰ কৰি স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰিবলৈ দৃষ্টহীন পৰিষদ অসমৰ কাৰ্যকৰী সভাপতি নিপুল কলিতাই দাবী উত্থাপন কৰে।
আৰক্ষী নিযুক্তি বোৰ্ডৰ পৰিবৰ্তে গুৱাহাটী বিশ্ববিদ্যালয়ক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দায়িত্ব প্ৰদান কৰা হৈছিল যদিও তাতো কিছু আসোঁৱাহ ৰৈ যোৱা বুলি সংগঠনটোৱে ব্যক্ত কৰে।এই সম্পৰ্কত প্ৰতিবন্ধী আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই স্থিতি স্পষ্ট কৰাৰ পৰা বিৰত আছে বুলি সংগঠনটোৱে জানিবলৈ দিয়ে।