ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল পণ্ডিচেৰী যাক মিনি ফ্ৰান্স বুলিও জনা যায়। যেতিয়াই ইচ্ছা কৰে তেতিয়াই এই ঠাইলৈ যাব পাৰে পৰ্য্যটক সকল । চেন্নাইৰ পৰা প্ৰায় ১৬২ কিলোমিটাৰ দূৰত বংগোপসাগৰৰ কোৰমাণ্ডেল উপকূলত অৱস্থিত এই পণ্ডিচেৰী বা মিনি ফ্ৰান্স ।
য’ত আশ্চৰ্যকৰ প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ নীলা পানীৰ মাজত সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখা যায় । ২০০৬ চনৰ পৰা, পণ্ডিচেৰীক আনুষ্ঠানিকভাৱে পুডুচেৰী নাম দিয়া হৈছে।
পণ্ডিচেৰী জল ক্ৰীড়া আৰু দুঃসাহসিক উৎসাহী সকলৰ বাবেও এক ভাল গন্তব্যস্থান। ইয়াৰ স্থাপত্য আৰু ঐতিহ্যই পণ্ডিচেৰীক আটাইতকৈ বিশেষ কৰি তোলে। দৰাচলতে, ব্ৰিটিছে ইয়াত প্ৰায় ৩০০বছৰীয়া শাসনৰ সময়চোৱাত ইয়াত বহুতো ঔপনিৱেশিক শিল্পকলা আৰু আশ্চৰ্যকৰ অট্টালিকাও নিৰ্মাণ কৰা হৈছিল, যিবোৰ আজিও দেখাপোৱা যায়। ইয়াত থকা বেছিভাগ মানুহে ফৰাচী ভাষা জানে আৰু তেওঁলোকে এতিয়াও ফৰাচী সংস্কৃতিও অনুসৰণ কৰে।
পেৰাডাইজ বীচ – ইয়াৰ বাছ ষ্টেণ্ডৰ পৰা মাত্ৰ ৮-৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই পেৰেডাইজ বীচ। অক্টোবৰ মাহত, ইয়াত তাপমাত্ৰা ১৮ ডিগ্ৰীৰ তললৈ হ্ৰাস হয়, যি পৰ্যটকসকলৰ ইয়ালৈ অহাৰ আনন্দ দুগুণ কৰে। অৱশ্যে নাৱেৰে ভ্ৰমণ নকৰাকৈ এই সমুদ্ৰতীৰত উপস্থিত হ’ব নোৱাৰি । সাগৰ তীৰত উপস্থিত হ’বলৈ কৰা এই নাও যাত্ৰাও অতি ৰোমাঞ্চকৰ। মেংগ্ৰোভৰ ঘন অৰণ্যৰ ওচৰত অৱস্থিত, বৰষুণৰ পিছত এই ঠাইখন অধিক আকৰ্ষণীয় হৈ পৰে। ইয়াত এবিধ চৰাই দেখিবলৈ পোৱা যায় ৷ সদায় যোৰ বান্ধি থকা এই ‘চাওলা চৰাই’ক প্ৰেমৰ চৰাই বুলিও কোৱা হয় ।
১৯২৬ চনত মহান দাৰ্শনিক অৰবিন্দ ঘোষে পণ্ডিচেৰীত শ্ৰী অৰবিন্দ আশ্ৰম নামৰ এখন আশ্ৰম স্থাপন কৰে ।যি সমগ্ৰ এছিয়াত বিখ্যাত ৷ পৰ্যটকসকলো মানসিক শান্তি আৰু দাৰ্শনিক জ্ঞানৰ বাবে ইয়ালৈ আহে । এই আশ্ৰমত বাস কৰা লোকসকলক এজন সাধাৰণ মানুহৰ প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰা হয়। নৃত্য, কলা, সংগীত, থিয়েটাৰ আদিৰ লগতে ইয়াত বহু প্ৰকাৰৰ ক্ৰীড়াও শিকোৱা হয়।
প্ৰমেনাড বীচ -পণ্ডিচেৰীৰ প্ৰমেনাড বীচ ৷ ইয়াতো পৰ্যটকসকলে বহুতো দুঃসাহসিক কাৰ্যকলাপ কৰিব পাৰে। ইয়াৰ উপৰিও, ইয়াৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্ত চাবলৈও বৰ ভাল লগা। ইয়াত খাদ্য আৰু হস্তশিল্পৰ সৈতে সম্পৰ্কিত বহুতো দোকান পোৱা যায় । এই সমুদ্ৰতীৰটোক দম্পতিসকলৰ প্ৰিয় সমুদ্ৰতীৰ বুলিও কোৱা হয়।
অৰোভিল প্ৰাসাদ
পণ্ডিচেৰীৰ অৰোভিল প্ৰাসাদক একতাৰ প্ৰতীক বুলি কোৱা হয়, যি পণ্ডিচেৰীৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত । এই প্ৰাসাদটো ১৯৬৮ চনত অৰবিন্দৰ শিষ্য মিৰা আলফাছাই নিৰ্মাণ কৰিছিল। এই প্ৰাসাদত, বিভিন্ন সংস্কৃতি আৰু পৰম্পৰা থকা লোক আছে , যিসকলে একেলগে বাস কৰে। এই প্ৰাসাদটো শাৰীৰিক আৰু মানসিক শান্তি প্ৰদানৰ বাবে জনাজাত।
অৰিকামেডু –
ইয়াৰ ইতিহাসৰ বাবে জনাজাত অৰিকামেডু ৷ কোৱা হয় যে ইয়াত ১ খ্ৰীষ্টপূৰ্ব ইণ্ডো-ৰোমান বাণিজ্যৰ কেন্দ্ৰ আছিল, যাক আজিও দেখা যায়। ৩০০ খৃষ্টাব্দৰ পৰা ১৮০০ খৃষ্টাব্দলৈ ইতিহাসৰ সাক্ষী হোৱা এই স্থানত ফৰাচী স্থাপত্যৰ লগতে তামিল ঐতিহ্যও দেখিবলৈ পোৱা যায় ।
বটানিকেল গাৰ্ডেন – পণ্ডিচেৰীৰ বটানিকেল গাৰ্ডেন ইয়াৰ মনোৰম দৃশ্যৰ বাবে জনাজাত, যি কেৱল পণ্ডিচেৰীৰেই নহয়, তামিলনাডুৰ এক বিশেষ পৰ্যটন স্থল। ফৰাচীসকলে ১৮২৬ চনত নিৰ্মাণ কৰা এই ব’টানিকেল গাৰ্ডেন খনক তেওঁলোকৰ সভ্যতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই গোটেই বাগিচাখন ফৰাচী ডিজাইনৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে ৷ ইয়াত ১০০০ তকৈও অধিক প্ৰজাতিৰ গছ আৰু উদ্ভিদ দেখা যায়। আনহাতে ইয়াৰ প্ৰতিজোপা গছত ইয়াৰ লাভালাভ আৰু অক্সিজেনৰ পৰিমাণ লিখা আছে, যি পৰ্যটক সকলৰ যাত্ৰাক আৰু অধিক আমোদজনক কৰি তোলে।
শ্ৰী কোকিলাম্বল থিৰুক্লেশবৰ মন্দিৰ-শ্ৰী কোকিলাম্বাল থিৰুক্লেশ্বৰ মন্দিৰ হৈছে এক অতি প্ৰাচীন মন্দিৰ, যাক ভিলাৰ মন্দিৰ বুলিও জনা যায়। ই বাছ ষ্টেণ্ডৰ পৰা ৮-১০ কিলোমিটাৰ দূৰত অৱস্থিত ৷ দ্বাদশ শতিকাত চোল ৰাজবংশই নিৰ্মাণ কৰা এই মন্দিৰৰ প্ৰধান দেৱতা হৈছে শিৱ। এই মন্দিৰত থকা শিৱলিঙ্গ মাটিৰে নিৰ্মিত, যাক স্নান কৰোৱাত নিষেধাজ্ঞা আছে । এই মন্দিৰটো এখন নদী, যাক নাটাল নদী বুলি জনা যায়।
ৰাজ নিৱাস – ঐতিহাসিক স্থান হিচাপে পণ্ডিচেৰীৰ বিখ্যাত ৰাজ নিৱাস হৈছে ইয়াত লেফটেনেণ্ট গভৰ্ণৰৰ চৰকাৰী বাসস্থান, যি ঔপনিৱেশিক চৰকাৰৰ সময়ত প্ৰাসাদ হিচাপে কাম কৰিছিল। অষ্টাদশ শতিকাত নিৰ্মিত এই বাসগৃহত ভাৰতীয় আৰু ফৰাচী সংস্কৃতিৰ মিশ্ৰণ দেখিবলৈ পোৱা যায়। এই বাসগৃহটো বাগিচাৰে আগুৰি আছে, যাৰ ভিতৰত আছে এটা পানীৰ স্মৃতিস্তম্ভ, যি ইয়াৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰে। ইয়াত কাঠৰ স্তম্ভবোৰত ইউৰোপীয় ডিজাইনো দেখা পোৱা যায় । এই বাসগৃহটো কেৱল ৰাষ্ট্ৰীয় বন্ধৰ দিনাহে সাধাৰণ ৰাইজৰ বাবে মুকলি কৰা হয়।
লাইট হাউচ – এই লাইট হাউচ পণ্ডিচেৰীৰ মুখ্য আকৰ্ষণ বুলি গণ্য কৰা হয়। ফৰাচী শাসনকালত নিৰ্মাণ কৰা এই লাইট হাউচটো সাগৰীয় পৰ্যটকসকলক সঠিক পথ দেখুৱাবলৈ ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান, ই সাংস্কৃতিক আৰু সংগীত কাৰ্যসূচীৰ এক কেন্দ্ৰ হৈ পৰিছে। ইয়াৰ উচ্চতা ১৫৭ ফুট, ইয়াৰ পৰা পণ্ডিচেৰীৰ আকৰ্ষণীয় আৰু আশ্চৰ্যকৰ দৃশ্য দেখা পায়।