অসমৰ সাহিত্য জগতলৈ এক সুখবৰ কঢ়িয়াই আনিছে ‘বাৰ্তা-পখিলী’য়ে ৷ ব্ৰজেন ডেকাৰ নেতৃত্বত আলোচনী জগতত এক দু:সাহসিক কাম কৰিবলৈ সক্ষম হ’ল ʼবাৰ্তা-পখিলীʼৰ পৰিয়াল ৷সেয়েহে অসমৰ জনপ্ৰিয় তথা এগৰাকী প্ৰতিষ্ঠিত লেখক ফনীন্দ্ৰ দেৱচৌধুৰীয়ে এই দু:সাহসিক কামক এক ‘অভিলেখ’ বুলি অভিহিত কৰি সামাজিক মাধ্যমত লিখিলে যে অসমীয়া ভাষাত নি:সন্দেহে ই এক অভিলেখ ৷ভালদৰে খবৰ কৰি এই কথাও নিশ্চিত কৰা উচিত এয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰো এক অভিলেখ হয় নে নহয় ৷যদি হয় ,তেনেহʼলে ব্ৰজেন ডেকাই ৰাষ্ট্ৰীয় পৰ্যায়ত এক অভিলেখৰ সৃষ্টিৰ বাবেও অভিনন্দিত হোৱা উচিত ৷
প্ৰতি বছৰেই পূজা আৰু বিহুৰ সময়ত আলোচনী ,কাকতসমূহে গল্প , উপন্যাস , কবিতা আদিৰ মেটমৰা সম্ভাৰেৰে সৌ সিদিনালৈকে বিশেষ সংখ্যা প্ৰকাশ কৰি আহিছে ৷ এই এশ-দুশ পৃষ্ঠাৰ বিশেষ সঙ্কলনবোৰৰ বাবে এটা সময়ত সকলো পঢ়ুৱৈয়ে আগ্ৰহেৰে অপেক্ষা কৰিছিল ৷কিন্তু আজি কিছুদিনৰ পৰা ক’ভিড আৰু অসমীয়া আলোচনীৰ দুৰ্দশাৰ বাবে বেছিভাগ কাকত গোষ্ঠীয়ে মেটমৰা কলেৱৰৰ এই বিশেষ সংখ্যাৰ প্ৰকাশ বন্ধ কৰি দিলে ৷ কিন্তু কাকত,আলোচনীৰ এনে এক দুৰ্যোগৰ সময়তো ব্ৰজেন ডেকাৰ ʼবাৰ্তাপখিলীʼ পৰিয়ালে প্ৰকাশ কৰি উলিয়াইছে বাৰ্তা-পখিলীৰ আকৰ্ষণীয় শাৰদীয় সম্ভাৰ , যাৰ পৃষ্ঠাৰ সংখ্যা হ’ল ১০০০ ৷ এক হাজাৰ পৃষ্ঠাৰে এইবাৰ প্ৰকাশ পাইছে বাৰ্তা-পখিলীৰ পূজা-সংখ্যা ৷
তেওঁ লগতে কয় যে তেওঁ জনাত অসমতেই নহয় আনকি বঙালী ভাষাতো এনে বৃহৎ কলেৱৰৰ শাৰদীয় বিশেষ সংখ্যা হয়তো এতিয়ালৈকে প্ৰকাশ পোৱা নাই ৷ আঠখনকৈ উপন্যাসৰ লগতে গল্প , নাটক,কবিতা ,প্ৰৱন্ধৰ এনে বিচিত্ৰ বিশাল সম্ভাৰ পূৰ্বতে তেওঁ নিজেও দেখা নাই ৷ন-পুৰনি বহু লেখকৰ লেখাৰ লগতে ড০বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য , চৈয়দ আব্দুল মালিক ,হোমেন বৰগোহাঞি , যোগেশ দাস , শীলভদ্ৰ,ড০ মামনি ৰয়চমগোস্বামী ,পদ্ম বৰকটকী আদি স্বনামধন্য লেখকসকলৰ মূল্যৱান লেখাসমূহৰ পুনৰ্মুদ্ৰণে এই বিশেষ সংখ্যাটোক এক সংৰক্ষণ কৰিবলগীয়া সঙ্কলনৰ ৰূপ দিছে ৷
এক হাজাৰ পৃষ্ঠাৰ এনে এখন মূল্যৱান আলোচনীৰ মূল্য কিন্তু অবিশ্বাস্যভাৱে বহু কম ৷ তেওঁ জনোৱা মতে আলোচনী খনৰ মূল্য মাত্ৰ ২০০ টকা ৷ উল্লেখনীয় যে বাৰ্তাপখিলীৰ এই পূজা বিশেষ সংখ্যাটোত লেখক গৰাকীৰ ʼআত্মহত্যাৰ টোকাʼ শীৰ্ষক ৰচনা এখনো প্ৰকাশ পাইছে ৷
স্বনামধন্য লেখক গৰাকীয়ে ʼবাৰ্তাপখিলীʼৰ পৰিয়ালক এনে অভিলেখ সৃষ্টিকাৰী এক সম্ভাৰ প্ৰকাশৰ দু:সাহস কৰাৰ বাবে অভিনন্দন জনাই কয় যে এয়া আলোচনীৰ ইতিহাসত লিপিৱদ্ধ হৈ ৰʼবলগীয়া এটা গুৰুত্বপূৰ্ণ ঘটনা আৰু অসমৰ সাহিত্য জগতত ই এই বছৰৰ এটা ভাল খবৰ ৷