কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি জনপ্ৰিয় গীত –‘কে বলে গো সেই প্রভাতে নেই আমি’, যাৰ অসমীয়া অৰ্থ হ’ল কোনে কয় যে মই সেই প্ৰভাত নহয়। ব্যক্তিগৰাকীৰ এই গীতটি যে কিমান সত্য সেই কথা প্ৰমাণ হ’ল। উল্লেখ্য যে ৰবীন্দ্ৰনাথ ঠাকুৰে নিজে অংকণ কৰা এখন চিত্ৰ নিলাম হ’ল এক বৃহৎ মূল্যত।
প্ৰাপ্ত তথ্য মতে এই ছবি নিলাম কৰিছিল ক্ৰিষ্টিজ নামৰ এক সংস্থাই। পাঁচ লক্ষ পাউণ্ড অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত পাঁচ কোটি টকাত নিলাম হয় এই আপুৰুগীয়া চিত্ৰ।
উল্লেখ্য যে নিলাম সংস্থাৰ কমিছনৰ টকাও অন্তৰ্ভূক্ত হৈ আছে উক্ত পাঁচ কোটি টকাত। কবিগুৰু জনে অংকণ কৰা ছবিখনৰ কোনো নাম নাছিল। কিন্তু পাছত সংস্থাটোৰ ৱেবচাইটত ছবিখনিৰ নাম দিয়া হ’ল “যুগল” । আনহাতে কোনে এই ছবিখন বৃহৎ পৰিমাণৰ টকাৰে ক্ৰয় কৰিছে সেই কথা জানিব পৰা হোৱা নাই।
জানিবলৈ পোৱা মতে ১৯৩০ চন বা তাৰ আশে-পাশে বিশ্ব-কবি গৰাকীয়ে ছবিখন আঁকিছিল। প্ৰায় ২২.৮ ইঞ্চি দীঘল আৰু ২০ ইঞ্চি বহল এই ছবিখনৰ এক প্ৰাচীন মূল্যও আছে। উল্লেখ্য যে ১৯৩০ চনত ইউৰূপ ভ্ৰমণ কৰাৰ সময়ত নিজে অঁকা কেইবাখনো ছবি ৰবীন্দ্ৰনাথে ঠাকুৰে নিজৰ লগত ৰাখিছিল।
বৰ্তমান সময়ত পেৰিচৰ “গেলেৰি পিগাল” ত কবিগুৰুৰ সেই ছবি সমূহ প্ৰদৰ্শিত কৰা হয়। জানিবলৈ পোৱা মতে জাৰ্মান দম্পত্তি ফ্ৰিডৰিখ আৰু এডিথ আন্দ্ৰেই ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা সেই ছবিখন কিনিছিল। পাছত তেঁওলোকৰ উত্তৰাধিকাৰী সকলে সেই চিত্ৰখন নিলাম সংস্থাক দিয়ে। উল্লেখ্য যে ক্ৰিষ্টিজ নিউয়ৰ্ক শাখাৰ “চাউথ এছিয়ান মডাৰ্ণ এণ্ড কন্টেম্পৰেৰি আৰ্ট“ বিভাগত নিলামৰ বাবে ৰখা হৈছিল উক্ত ছবিখন।