অসমৰ শৈক্ষিক ইতিহাসত নজিৰবিহীন ঘটনাৰ সৃষ্টি কৰি চলিত বৰ্ষৰ স্নাতক শাখাৰ নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণৰ নামত বহু আগশাৰীৰ মহাবিদ্যালয়ে বৰ্ণবাদৰ আশ্ৰয় লোৱা দেখা গৈছে। প্ৰ-পত্ৰত উল্লেখ থকা ব্ৰাহ্মণ, গণক কলিতা কায়স্থ মুছলমান শূদ্ৰ বৈশ্য আদি বিকল্প স্তম্ভই সচেতন ছাত্ৰ-ছাত্ৰীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে গঢ়ি উঠা আমাৰ সমাজ ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ মাজত এনে বিভেদকামী মনোভাৱ গঢ়ি তুলিব খোজা শিক্ষা ব্যৱস্থাক একাংশ অভিভাৱকে স্ববিৰোধী বুলি মন্তব্য কৰিছে। মহাবিদ্যালয় এখন ছাত্ৰ-ছাত্ৰীৰ বাবে বহল এখন সমাজৰ সৈতে পৰিচিত হোৱাৰ কেন্দ্ৰ। তেনে স্থলত ঠেক গণ্ডীৰ ধৰ্মীয় বিভেদকামী চিন্তা সুমুৱাই ছাত্ৰ-ছাত্ৰীৰ মন কলুষিত কৰিব বিচৰাটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলিও একাংশ অভিভাৱকে উল্লেখ কৰিছে।
গুৱাহাটী মহানগৰীৰ আগশাৰীৰ শিষ্ঠানুষ্ঠান সন্দিকৈ ছোৱালী মহাবিদ্যালয়, আৰ্য বিদ্যাপীঠ, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়কে ধৰি বহুকেইখন মহাবিদ্যালয়ে প্ৰ-পত্ৰ পূৰণত সম্প্ৰদায় উল্লেখৰ বাবে এনে বাধ্যতামূলক স্তম্ভ অন্তৰ্ভূক্ত কৰা দেখা গৈছে।
শিক্ষানুষ্ঠানৰ দৰে এক প্ৰগতিশীল অনুষ্ঠানত সংঘটিত এনে বৰ্ণবাদী পদ্ধতিৰ তীব্ৰ বিৰোধিতা কৰিছে একাংশ শিক্ষাৰ্থী-অভিভাৱকৰ লগতে বিভিন্ন দল-সংগঠনে। সংৰক্ষিত আসনৰ বাবে ছাত্ৰজন সাধাৰণ নে অনুসূচীত জাতি নে অন্যান্য পিছপৰা জাতিৰ সেয়া প্ৰ-পত্ৰত উল্লেখ থাকে কিন্তু জাত-পাতৰ কথা উল্লেখ থকাটো আশ্চৰ্যকৰ।
এই ব্যৱস্থাৰ বিৰুদ্ধে ভাৰতৰ ছাত্ৰ ফেডাৰেচন( এছ এফ আই) সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ কৰিছে। সংগঠনটোৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি হিমাংশু বৰা আৰু সম্পাদক কল্যাণ বুঢ়াগোহাঁয়ে এনে কাৰ্যৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিছে। সংগঠনটোৱে প্ৰেছবিজ্ঞপ্তিযোগে এই সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰি এনে কাৰ্যক সমাজবিৰোধী আৰু উদ্বেগজনক আখ্যা দিয়ে। ইয়াৰ লগতে এছ এফ আয়ে উক্ত মহাবিদ্যালয়সমূহৰ কতৃপক্ষক জবাবদিহি কৰি শীঘ্ৰে প্ৰ-পত্ৰ পূৰণৰ পৰা বৰ্ণবাদী স্তম্ভটো আঁতৰাই দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।