৯০ দশকৰ এটা পৰিচিত নাম অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেড চমুকৈ এপ’ল ফ্ৰেবিকচ। ১৯৮৬ চনত অসম গণ পৰিষদ নেতৃত্বাধীন চৰকাৰৰ দিনত স্থাপন কৰা এপ’ল ফ্ৰেবিকচে ১৫০০ অসমীয়াক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছিল।
তাৎক্ষণিক প্ৰতিক্ৰিয়াৰে এপ’লৰ বিভিন্ন সামগ্ৰী যেনে চাৰ্ট, পেণ্ট, পৰ্দা, বিচনা চাদৰ এইবোৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত এখন বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৃহৎ বৃহৎ কাপোৰৰ কোম্পানীৰ লগত প্ৰতিযোগিতাত টিকিব নোৱাৰি ক্ৰমান্বয়ে এপ’লৰ বজাৰ নিম্নগামী হোৱাৰ লগতে মূলধনৰ অভাৱৰ বাবেও উৎপাদন কমি আহে।
বিভিন্ন কাৰণত ২০০৩ চনত মিলটো সাময়িকভাৱে বন্ধ হৈ পৰে। ২০০৬ চনত সীমিত সংখ্যক মানুহ আৰু ধনেৰে ইয়াক পুনৰুজ্জ্বীৱিত কৰা হয় যদিও ২০১৬ চনত পুনৰ বন্ধ হৈ পৰে এপ’ল মিল। মিল বন্ধ হোৱাৰ লগে লগে ইয়াত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰে।
ইয়াৰ প্ৰতিবাদত কৰ্মচাৰীসকলে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল যদিও কাৰ্যত মিলটো উদ্ধাৰৰ নামত কোনো পদক্ষেপ লোৱা দেখা নগ’ল। ২০১৮ চনত শক্তিশালী প্ৰতিবাদৰ পৰিণতিত অসম চৰকাৰৰ এখন কেবিনেট বৈঠকত মিলটো পুনৰুদ্ধাৰৰ বাবে ১০.১৩ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছিল। কিন্তু এয়া কাগজতে সীমাবদ্ধ হৈ ৰ’ল।
অসম চৰকাৰৰ সমবায় বিভাগে বিগত বৰ্ষত এপ’ল মিলৰ শ্ৰমিক-কৰ্মচাৰীসকলক ভি আৰ এছ প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। কিন্তু আশ্চৰ্যজনক ভাবে এই সিদ্ধান্ত আজিলৈকে কাৰ্যকৰী নহ’ল। আজিকোপতি ভি আৰ এছৰ ধন লাভ নকৰাত শ্ৰমিক-কৰ্মচাৰীসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে।
দুৰ্ভাগ্যৰ কথা যে উৱাদিহ হেৰুৱাই বহু শ্ৰমিকে আত্মহত্যা কৰাৰ লগতে বহুজনৰ চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে । বিভিন্নজনে ভাতমুঠিৰ বাবে হাহাকাৰ কৰিবলগা হৈছে।
তুলসীবাৰীত আয়োজিত এখন সংবাদ মেলত এপ’ল মিল শ্ৰমিক ইউনিয়নৰ সম্পাদক দুৰ্গাৰাম হালৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানবীয় দৃষ্টিভংগীৰে বিষয়টো বিবেচনা কৰি ভি আৰ এছৰ ধন মুকলি কৰি দিবলৈ আহ্বান জনায়।
যোৱা ডিচেম্বৰ মাহতে অসম চৰকাৰৰ বিত্ত বিভাগে প্ৰথম কিস্তিৰ ধন হিচাপে ১৫ কোটি ২০ লাখ টকাৰ আবণ্টন দিছিল। সেই ধনেৰে প্ৰতিজন শ্ৰমিক-কৰ্মচাৰীৰ ৪৫ শতাংশ ধন আদায় দিব পৰা গ’লহেঁতেন। কিন্তু আজি পৰ্যন্ত সেই ধনৰাশি মোকোলাই দিয়া নহ’ল বুলি হালৈয়ে জানিবলৈ দিয়ে।
শ্ৰমিক ইউনিয়নৰ সম্পাদক হালৈয়ে বিধানসভাৰ বাজেট অধিৱেশনত এই ধনৰাশি মোকোলাই দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।