৮ জানুৱাৰী দেওবাৰে উৎপল শিৱমৰ নিজা প্ৰচেষ্টাত বিশ্বনাথ চাৰিআলিৰ নীলপুৰ চাহ বাগিচাৰ শতাধিক যুবতী কিশোৰীৰ মাজত চেনিটেৰী পেদ বিতৰণ কৰা হয়। লগতে তেওঁৰ নিজা খৰচ ও পৃষ্ঠপোষকতাত এখনি মাহেকীয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত (mensuration hygiene)এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত বিশ্বনাথ চিকিৎসালয়ৰ চিকিৎসক চবনম তালুকদাৰ, স্বাস্থ্য শিক্ষয়িত্ৰী, কেইবাজনো স্বাস্থ কৰ্মী আৰু আশা কৰ্মী উপস্থিত থাকে।
উক্ত সভাত বিশ্বনাথ ‘ৱাৰিয়’ৰচ'( wariors) সমিতিৰ সভানেত্ৰী প্ৰমুখ্যে কেইবাগৰাকী বিষয়ববীয়াও উপস্থিত থাকে। স্বাস্থকৰ্মী সকলে কিশোৰী সকলৰ মাজত মাহেকীয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা( mensuration hygiene) ৰ ওপৰত শিক্ষা প্ৰদান কৰাৰ লগতে চেনিটেৰী পেডো বিতৰণ কৰে।
পেচাত চৰকাৰী বিদ্যালয়ৰ শিক্ষক উৎপল শিৱমে জনাই যে প্ৰতিমাহে তেওঁৰ দৰমহাৰ ৫০০০ কৈ টকা বাগান আৰু বস্তি অঞ্চলৰ কিশোৰী যুৱতী সকলৰ স্বাস্থসন্মত উন্নয়নৰ কামত ব্যৱহাৰ কৰিব।