ষ্টেট বেংক অৱ ইণ্ডিয়াই এক সতৰ্কতা জাৰি কৰিছে গ্ৰাহকৰ বাবে। উল্লেখ্য যে মোবাইল ফোনত বিশেষ চাৰিটা এপ থাকিলে,ফোনৰ পৰা বেংক সম্বন্ধীয় তথ্য তথা যাবতীয় টকা মুহূৰ্ততে উধাও হ’ব পাৰে।
বৰ্তমান সময়ত বহুতো লোকে নিজৰ হাতত থকা ফোনটোতেই বেংকৰ একাউন্ট সংযুক্ত কৰি ৰাখে। এক বিশেষ সুত্ৰৰ মতে যিসকলে এই এপ ব্যৱহাৰ কৰিছে সেইসকলৰ ভিতৰত ১৫০ জন এছ বি আই গ্ৰাহকৰ একাউণ্টৰ পৰা যোৱা চাৰি মাহত প্ৰায় ৭০ লাখ টকা চুৰি হৈছে। আনহাতে এইধৰণৰ জালিয়াতিৰ ঘটনাও ক্ৰমশঃ বাঢ়িব ধৰিছে।
উল্লেখ্য যে এনে পৰিস্থিতিত ভাৰতৰ সকলোতকৈ আগশাৰীৰ এই ষ্টেট বেংকে জনাইছে যে গ্ৰাহকসকলে এনিডেস্ক (AnyDesk), কুইক ছাপ’ৰ্ট (Quick Support), টিম ভিউয়াৰ (Teamviewer) আৰু মিংগল ভিউ (Mingleview) এই চাৰিটা এপ ইনস্টল কৰা উচিত নহয়। ইয়াৰ লগতে ইউপিএস (Unified Payment System)ৰ ক্ষেত্ৰতো সতৰ্কতা জাৰি কৰিছে বেংকে।
বিশেষভাৱে সতৰ্ক থাকিবলগীয়া বিষয়সমূহ হৈছে –
- ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নামেৰে একাধিক ভুৱা ৱেবচাইট আছে বুলি জানিব পৰা গৈছে। গতিকে এনে ৱেবচাইট সমূহৰ পৰা সাৱধান হৈ থাকিবলৈ সতৰ্ক কৰা হৈছে। এনে ক্ষেত্ৰত কেৱল ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অফিচিয়েল ৱেবচাইটতহে বেংক সম্বন্ধীয় কোনো কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
- কোনো কাম কৰাৰ আগতে সবিশেষ তথ্য ভালদৰে নিৰীক্ষণ কৰা উচিত।
- প্ৰতিটো ডিজিটেল লেনদেনৰ সময়ত গ্ৰাহকৰ ফোনত এছ বি আই য়ে মেছেজ প্ৰেৰণ কৰে। যদি কোনো লেনদেন নকৰাকৈয়ে ফোনত মেছেজ আহে তেন্তে অনতিপলমে বেংকৰ লগত যোগাযোগ কৰা উচিত।
- কোনো অভিযোগ থাকিলে ১৮০০১১১১০৯ , ৯৪৪৯১১২২১১, ০৮০ ২৬৫৯৯৯৯০ এই নম্বৰত ফোন কৰিব পাৰে। আনহাতে নেচনেল চাইবাৰ ক্ৰাইম ৰিপ’ৰ্টিং পৰ্টেল – ১৫৫২৬০১ তো যোগাযোগ কৰিব পৰা যায়।