ৰাজ্যৰ নৱম আৰু দশম শ্ৰেণীৰ ৮ লাখ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব একো একোটা এণ্ড্ৰইড মোবাইল । মংগলবাৰে অনুষ্ঠিত হোৱা অসম বিধানসভাৰ বাজেট অধিবেশনত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই কথা । আমাৰ অসম কাকতৰ এক প্ৰতিবেদনত উল্লেখ কৰা হয় এই কথা ।
ক’ভিড-১৯ ৰ দুৰ্যোগৰ সময়ত ছাত্ৰ- ছাত্ৰী সকলে সঠিকভাৱে অনলাইন ক্লাছ কৰিব পৰাকৈ মোবাইল ফোন দিয়াৰ বাবে বাজেটত পুঁজি ধাৰ্য কৰা হৈছে । উল্লেখ্য যে ৮ লাখ ছাত্ৰ-ছাত্ৰীক মোবাইল ফোন দিয়াৰ বাবে ৮০০ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে । কিন্তু গুৰুত্বপূৰ্ণ কথা এই যে মেট্ৰিক পৰীক্ষাৰ পাচত ছাত্ৰ-ছাত্ৰীসকলে এই মোবাইলসমূহ ঘূৰাই দিব লাগিব ।
কাকতখনত উল্লেখ কৰা মতে মন্ত্ৰীগৰাকীয়ে কয় যে ছেবাৰ অধীনত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলে স্মাৰ্ট ফোন নোহোৱাৰ বাবে সঠিকভাৱে অনলাইন ক্লাছ কৰিব পৰা নাই । গতিকে এইসকল ল’ৰা-ছোৱালীকো উপযুক্ত অনলাইন ক্লাচৰ সুবিধা দিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় ।
উল্লেখযোগ্য যে এমট্ৰন বা তেনে ধৰণৰ কোনো চৰকাৰী এজেন্সিক মোবাইল ফোন যোগান ধৰাৰ বাবে চৰকাৰে দায়িত্ব দিয়া নাই । ব্যক্তিগত প্ৰতিষ্ঠানসমূহকহে এই দায়িত্ব দিয়া হ’ব বুলি কাকতখনত উল্লেখ কৰা হৈছে ।