বৰ্তমান ইণ্টাৰনেটৰ যুগত গুগল (Google) এনে এক ক্ষেত্ৰ য’ত যিকোনো তথ্য যিকোনো সময়ত বিচাৰিলেই পোৱা যায়।তাৎক্ষণিকভাৱে কিবা জানিবলৈ হ’লে গুগল (Google) ত গৈ তাত থকা চাৰ্ছ( search) অপচনত লিখি বিচাৰিলেই প্ৰয়োজনীয় তথ্য পোৱা যায় ।
দেখা যায় যে বহুতো লোকে নিজৰ প্ৰয়োজনীয় তথ্যই হঁওক বা কামৰ লগত জড়িত বিভিন্ন ধৰণৰ তথ্যই হঁওক, গুগলত বিচাৰি চায় । কিন্তু গুগল চাৰ্ছ হিষ্টৰী (Google Search History)ত সকলো সংৰক্ষিত হৈ থাকি যায়। আনহাতে সংৰক্ষিত হৈ থকা এই লিংক বোৰ তাৰ পৰা নোহোৱা কৰি দিলেও ,আকৌ দৰকাৰ হ’লে বাৰে বাৰে লিখি বিচাৰি থাকিবলৈ অসুবিধা হয় ।
গতিকে এই ক্ষেত্ৰত গুগলে এক বিশেষ সুবিধা আগবঢ়াইছে যাৰ সহায়ত গুগল চাৰ্ছ হিষ্টৰী (Google Search History) নিজৰ বাহিৰে কোনেও নেদেখাকৈ লুকুৱাই ৰাখিব পাৰি। এই ব্যৱস্থাই কোনোলোকৰ প্ৰয়োজনীয় বহুতো তথ্য , নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট, বেংক,পাছৱৰ্ড সম্বন্ধীয় বহুতো তথ্য অসৎ লোকৰ হাতত পৰাৰ পৰা ৰক্ষা কৰিব পাৰে ।
যদি কোনো লোকে গুগলত কি বিচাৰিছিল সেই তথ্য আনৰ চকুত পৰাটো নিবিচাৰে তেন্তে তেনে লোকে তাত নিজৰ পাচৱৰ্ড দি সুৰক্ষিত কৰি ৰাখিব পাৰে। গুগল চাৰ্ছ (Google Search)ত নিজৰ পাচৱৰ্ড দিবৰ বাবে কি কৰিব লগিব সেই কথা তলত উল্লেখ কৰা হ’ল-
- গুগল চাৰ্ছ হিষ্টৰী (Google Search History)ত নিজৰ পাচৱৰ্ড দিবৰ বাবে প্ৰথমে ৱেব ব্ৰাউজাৰত (web browser) গৈ activity.google.com টাইপ কৰি চাৰ্ছ কৰিব লাগিব ।
- ইয়াৰ পাচত Manage My Activity Verification ত ক্লিক কৰি চিলেক্ট কৰিব লাগিব ।
- চিলেক্ট কৰাৰ পাচত তাত দুটা অপচন দেখা পোৱ যাব , য‘ত Require Extra Verification বুলি লিখা অপচনটোত ক্লিক কৰিব লাগিব ।
- Require Extra Verificationত ক্লিক কৰাৰ পাচত Save ত ক্লিক কৰিব লাগিব।
- ইয়াৰ পাচতে গুগল পাচৱৰ্ড (Google’s password) দিব লাগিব আৰু তাৰ পাচতহে গুগল চাৰ্ছ হিষ্টৰী (Google Search History) সম্পূৰ্ণৰূপে নিৰাপদ বুলি গণ্য কৰা হ’ব ।
গুগলত এই পদ্ধতিৰ জৰিয়তে পাচৱৰ্ড দিয়া থাকিলে তাৰ অবিহনে কোনো লোকেই গুগল চাৰ্ছত থকা তথ্য চাব নোৱাৰিব।যিসকল লোকৰ কেৱল নিজেই ব্যৱহাৰ কৰা কম্পিউটাৰ, লেপটপ অথবা তেনে কোনো সামগ্ৰী আছে , তেনে ক্ষেত্ৰত এই সুবিধা বেছি গ্ৰহণযোগ্য হয়। কাৰণ তেনে লোকৰ ব্যক্তিগত বহুতো তথ্য গুগলৰ লগত লিংক হৈ থাকে ।গতিকে এনে অৱস্থাত কেতিয়াবা এই সামগ্ৰী অসৎ লোকৰ হাতত পৰিলেও নিজৰ ব্যক্তিগত তথ্যসমূহ সুৰক্ষিত হৈ থাকে।
আনহাতে পাচৱৰ্ড আঁতৰাব বিচাৰিলেও সেই একেই পদ্ধতি অৱলম্বন কৰিব পাৰি ।