সমগ্ৰ বিশ্বতে ছাকিৰাৰ নাম নজনা মানুহ হয়তো বহুত কমেই ওলাব ।বিশেষকৈ ২০১০ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা বিশ্ব কাপ ফুটবলত অফিচিয়েল চং “ৱাকা ৱাকা(দিছ টাইম ফৰ আফ্ৰিকা) ই ছাকিৰাক সাধাৰণ মানুহৰ মাজলৈও লৈ যায়।
এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ছাকিৰাৰ জীৱন সংগ্ৰামৰ কথা জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকত উল্লেখ কৰি আহিছে মণ্টু লোচন বৰা নামে এজন ব্যক্তিয়ে ৷ শেহতীয়াকৈ ছাকিৰাৰ জীৱনৰ এটা কথা উল্লেখ কৰি তেওঁ কয় যে ছাকিৰা সৰুতে দেউতাকৰ লগত এখন পাৰ্কলৈ গৈছিল আৰু সেই পাৰ্কত কিছুমান ফটাছিটা কাপোৰ পিন্ধি থকা আৰু ভালকৈ খাবলৈ নোপোৱা ল’ৰা ছোৱালী দেখা পাইছিল আৰু সেই ল’ৰা ছোৱালীবোৰক দেখি ছাকিৰাই তেতিয়াই সংকল্প লৈছিল যদি জীৱনত টকা পইচা ঘটিব পাৰে এনে শিশুবোৰৰ কাৰণে ছাকিৰাই কাম কৰিব৷ সেয়েহে ছাকিৰাই বিশ্ব বিখ্যাত হোৱাৰ পাছতো সেই সৰু কালৰ পাৰ্কখনত দেখা শিশুহঁতৰ কথা নাপাহৰিলে।ছাকিৰাই অভাৱী ল’ৰা ছোৱালীৰ সহায়ৰ বাবে কাম কৰাত লাগিল আৰু তেনে শিশুৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ ধৰিলে।২০০৩ চনৰ পৰাই ইউনিছেফৰ ‘গুডউইল এম্বেছেডৰ’ হিচাপে কাম কৰি আহিছে ছাকিৰাই ৷ যাৰ দ্বাৰা তেওঁ সৰুতে পাৰ্কত দেখা দুখীয়া ল’ৰা ছোৱালীবোৰৰ দৰে ল’ৰা-ছোৱালীবোৰক সহায় কৰাৰ সংকল্প দিঠকত পৰিণত কৰিছে।
এই কথাখিনি লিখি মণ্টু লোচন বৰাই কয় যে সমাজৰ প্ৰত্যেক মানুহে যদি সমাজখন গঠনত অলপ হ’লেও সহায় কৰে তেনেহ’লে সমাজখন আৰু দেশখন ভালৰ দিশে বহু আগুৱাই যাব।চাকৰি কৰা সকলে যদি সামান্য পৰিমানে সমাজখনৰ কথা চিন্তা কৰে তেনেহ’লে আমাৰ দেশখনৰ বহু সমস্যা সমাধান কৰিব পাৰিব।কিন্তু আজিকালি আমাৰ বহু মানুহৰ মানসিকতা এনে হৈছে যে আনক কিবা সহায় কৰাতকৈ সেই টকাৰে মদ খাই নিজে মৰি যাব বা মদ খাই বেমাৰী হৈ যাব কিন্তু আনক এটকা দি সহায় নকৰে।ইচ্ছা কৰিলে বহু কৰিব পাৰে।
স্কুল আৰু সংক্ৰান্তীয় কিছু কথা উল্লেখ কৰি তেওঁ পুনৰ কয় যে স্কুলৰ শিক্ষকসকলে প্ৰত্যেকেই সামান্য টকা দিলেই স্কুলৰ লাইব্ৰেৰীত অসমীয়া ইংৰাজী অভিধান আৰু আন অতি গুৰুত্বপূৰ্ণ কিতাপ কেইখন যোগান ধৰিব পাৰে।তেনে কৰিলে সকলো দুখীয়া ছাত্ৰ ছাত্ৰীয়ে সেই কিতাপবোৰ পঢ়িব পাৰে।নিচেই সামান্যকৈ দিলেই স্কুলত আগশাৰী বাতৰি আলোচনী কেইখন যোগান ধৰিব পাৰে।তেনে কৰিলে ছাত্ৰ ছাত্ৰীৰ মানসিকতাই বদলি হৈ যাব।প্ৰত্যেকজন শিক্ষকে মাহে প্ৰতি মাত্ৰ ১০০ টকাকৈ দি হাইস্কুলবোৰত এই মহান কামটো কৰিব পাৰে।কিন্তু কৰিছে জানোঁ? নকৰে। বহু শিক্ষকৰ নিজৰেই কিতাপ পঢ়াৰ অভ্যাস নাই।বহু শিক্ষক আছে কিন্তু নিজৰ বিষয়টো সম্পৰ্কে ৰেফাৰেন্স কিতাপ পঢ়ি নিজক সমৃদ্ধ নকৰে।কিতাপৰ পাঠ কেইটাতে সীমাবদ্ধ থাকে।বহু ক্ষেত্ৰত আপুনি দেখিব ল’ৰা ছোৱালীক হেজাৰ হেজাৰ টকা দি কাপোৰ কিনি দিছে,ছোৱালীক ১,০০০০০ টকা দি সোণৰ চেইন আদি দিছে;কিন্তু সেইজন অভিভাৱকেই মাত্ৰ ৫০০০ টকা খৰচ কৰি সন্তানক অতি প্ৰয়োজনীয় কিতাপ পত্ৰ আলোচনী কেইখন যোগান ধৰা নাই। বহু শিক্ষকৰ ঘৰতেই আলোচনী এখন নেদেখে।সেইসকলে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কথা কি ভাৱিব?
লগতে ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজনৈতিক নেতাসকলে কৰোঁ বুলি ক’লে দেশখনৰ অভূতপূৰ্ব পৰিৱৰ্তন কৰিব পাৰে। ইমান সমস্যাৰে ভৰপূৰ দুখীয়া দেশখনত বিধায়ক/সাংসদ পুঁজিৰ ধন কেইটাকে খৰছ কৰিব নোৱাৰি ওভতি যায়।কিমান অকৰ্মন্য হ’লে এনে হ’ব বাৰু!সমাজক দিয়াতকৈ কেনেকৈ সোঁৱে বাঁৱে ছলে বলে ৰইনাৰে চপাই নিজৰ জেপত ভৰাই কেইবা পুৰুষলৈ নিশ্চিন্ত হ’ব পাৰি সেই কাম ফেৰাত মগ্ন হয়।আন ক্ষেত্ৰবোৰৰ মানুহবোৰ আছেই ৷
শেষত তেওঁ এক প্ৰশ্ন উত্থাপন কৰি কয় যে আমাৰ দেশৰ মানুহৰ মানসিকতা কেতিয়া পৰিৱৰ্তন হ’ব আৰু আমি কেতিয়াকৈ দেখিবলৈ পাম এখন সুন্দৰ সমাজ ?