VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শাওণৰ সোমবাৰে উকা হৈ ৰৈছে শিৱসাগৰৰ শিৱদ’ল প্ৰাংগণ

voicedesk by voicedesk
July 22, 2021
in সমাজ, সংস্কৃতি
শাওণৰ সোমবাৰে উকা হৈ ৰৈছে শিৱসাগৰৰ শিৱদ’ল প্ৰাংগণ
0
SHARES
64
VIEWS
Share on FacebookShare on Twitter

বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে নিৰ্মাণ কৰা শিৱসাগৰৰ শিৱদ’ল শ শ বছৰ ধৰি ভক্তসকলৰ বাবে বিশ্বাস আৰু আৰাধনাৰ অনন্য থলীৰূপে পৰিগণিত হৈ আহিছে। সকলো সময়তে সকলো ঠাইৰে ভক্তসকলে শিৱদ’ল প্ৰাংগণ উপচাই ৰাখে।

শিৱদ’ললৈ সকলো সময়তে ভক্তৰ আহযাহ। তথাপি শিৱৰাত্ৰী, শাওণৰ সোমবাৰ বা তেনে ধৰণৰ বিশেষ দিনবোৰলৈ ভক্তসকলে যেন অধীৰ আগ্ৰহেৰে অপেক্ষা কৰে। স্থানীয় ৰাইজৰ বাবেও এই দিনবোৰ অতি অপেক্ষাৰ।

ঐতিহ্য, ভক্তি আৰু সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা কঢ়িওৱা শিৱদ’ল প্ৰাংগণ আজি উকা। ক’ভিড আক্ৰান্ত পৃথিৱীত ভগৱানেও যেন কিছুদিনৰ বিৰতি লৈছে ! 

মহাদেৱৰ আৱিৰ্ভাৱৰ মাহৰূপে শাওণ মাহ শিৱভক্তসকলৰ বাবে এক পবিত্ৰ মাহ। যাৰ প্ৰেক্ষাপটত শাওণৰ প্ৰতিটো সোমবাৰে ভক্তসকলে ব’ল ব’ম কাৰ্যসূচী ৰূপায়ণ কৰে। দেওবাৰে পুৱতি নিশা পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ বুলি জ্ঞান কৰা নদী সংগমৰ পৰা পানী উঠাই পদব্ৰজে বিশেষ শিৱ মন্দিৰত অৰ্পণ কৰা হয়। 

কথিত আছে সমুদ্ৰ মন্থনত বাহিৰ হোৱা হলাহল পাণ কৰি যন্ত্ৰণাত চটফটাই থকা মহাদেৱৰ গাত তেঁওৰ অন্যতম ভক্ত ৰাৱণে গংগা নদীৰ পানী আনি ঢালিছিল। তাৰ পিছতেই যন্ত্ৰণাৰ উপশম ঘটিছিল মহাদেৱৰ। 
লোকবিশ্বাস অনুসৰি তেতিয়াৰ পৰাই শিৱ ভক্তসকলে শাওণ মাহত গংগা অথবা আন পবিত্ৰ মান্য নদীৰ পানী আনি শিৱ মন্দিৰৰ শিৱ লিংগত অৰ্পণ কৰি আহিছে। 

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লক কেন্দ্ৰ কৰি বহু বছৰ ধৰি ভক্তসকলে এই ব’ল ব’ম কাৰ্যসূচী পালন কৰি আহিছে। শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত গংগা নদীৰ মূল উৎস ব্ৰহ্মপুত্ৰ নদ আৰু দিচাং নদীৰ সংগমস্থলৰ পৰা পানী তুলি আনি ভক্তসকলে শিৱদ’লত অৰ্পণ কৰে।

প্ৰিয় ভগৱানক ভক্তি অৰ্ঘ্য যাচিব নোৱাৰি শিৱসাগৰৰ ভক্তপ্ৰাণ ৰাইজৰ মন সেমেকি উঠিছে। বহু বছৰ ধৰি ব’ল ব’মত অংশগ্ৰহণ কৰা শিৱসাগৰ চহৰৰ অনন্ত কলিতাই কয়, জন্মৰ পৰাই শিৱদ’লৰ প্ৰতি প্ৰতিজন শিৱসাগৰীয়াৰে বুজাব নোৱাৰা টান থাকে। দুটা বছৰ ক’ভিড মহামাৰীৰ বাবে শিৱসাগৰৰ ৰাইজ বাবাক শ্ৰদ্ধা নিবেদন কৰাৰ পৰা বঞ্চিত হৈছে। আমি আশা কৰো বাবাই সকলোৰে মংগল কৰিব আৰু আমাক পুনৰ তেখেতক পূজা কৰাৰ সুযোগ দিব। 

আনহাতে শাওণৰ সোমবাৰে লোকে লোকাৰণ্য হৈ পৰা শিৱদ’ল প্ৰাংগণ এচাম মানুহৰ ভাত মোকলোৱাৰ থলীও হৈ পৰে। ভক্তবৃন্দই বিভিন্ন পূজাৰ সামগ্ৰীৰে শিৱ বাবাক সন্তুষ্ট কৰিব বিচাৰে। বিগত দুটা বছৰে বন্ধ হৈ থকা ভক্তি অনুষ্ঠানসমূহৰ বাবে এচামৰ ভাতমুঠি যোগাৰ কৰাও কষ্ট হৈছে। 

খগেন বৰুৱা নামৰ ২২-২৩ বছৰীয়া ল’ৰাজনে ক্ষোভেৰে ক’লে- দেউতাৰ পাছত মই ইয়াত ধূপ-ধূনা বিক্ৰী কৰি পৰিয়াল চলাও। ইমান বছৰে আমাৰ একো অসুবিধা হোৱা নাছিল। দ’লত পূজা-পাতল হৈয়েই থাকে আৰু ব’ল ব’ম বা শিৱৰাত্ৰীতটো ক’বই নালাগে। কিন্তু ২টা বছৰে সকলো শেষ কৰি আনিছে। জমা টকাকেইটাই আৰু কেইদিন চলিম? আমিতো ভাতমুঠি খাই আছো। কেইজনমানৰ অৱস্থা বৰ দুখলগা। 

ক’ভিডৰ বাবে আজি পৃথিৱী স্তদ্ধ। ভগৱানেও হয়তো কিছুদিনৰ বিৰতি লৈছে। শিৱসাগৰবাসীয়ে আশা কৰে ভাল দিনবোৰ সোনকালেই ঘূৰি আহক আৰু শিৱদ’ল পুনৰ ভক্তৰ খদমদমেৰে পৰিপূৰ্ণ হৈ পৰ

Previous Post

তামৰ পাত্ৰত পানী কিয় খাব লাগে?

Next Post

২৪ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব বিশাল উল্কাপিণ্ড

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
Next Post
২৪ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব বিশাল উল্কাপিণ্ড

২৪ জুলাইত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব বিশাল উল্কাপিণ্ড

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7